728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নিজ হাতীচোং দীঘলীপাৰত ৰঙালী বিহু উৎসৱৰ আয়োজন

নিজ হাতীচোং দীঘলীপাৰত ৰঙালী বিহু উৎসৱৰ আয়োজন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ এপ্ৰিলঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ নিজ হাতীচোং দিঘলীপাৰত অহা ৪ মে’ত নিজ হাতীচোং দীঘলীপাৰ যুৱক-যুৱতী আৰু দিবা সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা দিনযোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উৎসৱটি উদযাপনৰ দিহা কৰা হৈছে । এই মৰ্মে, গুনেন্দ্ৰ নাথক সভাপতি, বিশ্বজিৎ নাথক সম্পাদক আৰু মনোৰঞ্জন বৰাক সাংস্কৃতিক সম্পাদক হিচাপে লৈ এখনি উদযাপন সমিতি গঠনেৰে প্ৰস্তুতি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ এপ্ৰিলঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ নিজ হাতীচোং দিঘলীপাৰত অহা ৪ মে’ত নিজ হাতীচোং দীঘলীপাৰ যুৱক-যুৱতী আৰু দিবা সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা দিনযোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উৎসৱটি উদযাপনৰ দিহা কৰা হৈছে । এই মৰ্মে, গুনেন্দ্ৰ নাথক সভাপতি, বিশ্বজিৎ নাথক সম্পাদক আৰু মনোৰঞ্জন বৰাক সাংস্কৃতিক সম্পাদক হিচাপে লৈ এখনি উদযাপন সমিতি গঠনেৰে প্ৰস্তুতি চলাই থকা হৈছে ৷ নিজ হাতীচোং দিঘলীপাৰ নামঘৰ প্ৰাংগণত আয়োজিত উৎসৱৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত বন্তি প্ৰজ্বলন, ছহিদ তৰ্পণ, বৃক্ষৰোপণ আৰু পতাকা উত্তোলনৰ অন্তত চিত্ৰাংকন, কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব । ইফালে, সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতে স্থানীয় অঞ্চলৰ যুৱক-যুৱতী আৰু কণ কণ শিশুসকলৰ দ্বাৰা আধুনিক নৃত্য প্ৰদৰ্শনৰ অন্তত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ ঠিক সেইদৰে নিশা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত নিমন্ত্ৰিত বিহু দলৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শন, কৌতুক গোষ্ঠী পি বি ক্ৰিয়েচনৰ দ্বাৰা কৌতুক অনুষ্ঠানৰ লগতে কণ্ঠশিল্পী সপ্তৰ্ষি বৰা আৰু ৰাশি প্ৰিয়াই সংগীতানুষ্ঠান পৰিবেশন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!