728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ সামৰণি, ঢোল-পেঁপা-গগণাৰ মাতেৰে মুখৰিত হ’ল ঐতিহাসিক সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ

বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ সামৰণি, ঢোল-পেঁপা-গগণাৰ মাতেৰে মুখৰিত হ’ল ঐতিহাসিক সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ এপ্ৰিলঃ নগাঁও জিলাৰ বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজৰ সহযোগত দেওঁবাৰে দিনযোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী উৎসৱ উদযাপন কৰা হয় ৷ সেয়ে বিহুবলীয়া ৰাইজৰ উপস্থিতিৰে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে ঢোল-পেঁপা-গগণাৰ মাতেৰে মুখৰিত হৈ পৰে উৎসৱস্থলী ঐতিহাসিক শান্তিজানৰ পাৰৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ এপ্ৰিলঃ নগাঁও জিলাৰ বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজৰ সহযোগত দেওঁবাৰে দিনযোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী উৎসৱ উদযাপন কৰা হয় ৷ সেয়ে বিহুবলীয়া ৰাইজৰ উপস্থিতিৰে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে ঢোল-পেঁপা-গগণাৰ মাতেৰে মুখৰিত হৈ পৰে উৎসৱস্থলী ঐতিহাসিক শান্তিজানৰ পাৰৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত উদযাপন সমিতিৰ সভাপতি জয়ন্ত হাজৰিকাই পতাকা উত্তোলন আৰু সমাজকৰ্মী দীপেন বৰুৱাই বন্তি প্ৰজ্বলন কৰাৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ বিয়লি ছবি অঁকা আৰু ভেশছন প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক ডিজিটেল কুইজ প্ৰতিযোগিতাখনি উদ্ধোধন কৰে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তই । এই কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে জ্যেষ্ঠ সংবাদিক দিব্যজ্যোতি বৰুৱাই ৷ সন্ধিয়াৰে পৰা অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতাখনি উদ্ধোধন কৰে বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে । উদযাপন সমিতিৰ কৰ্মকৰ্তা জোনমণি ভূঞা আৰু সুনিল বৰুৱাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত সমাজকৰ্মী তুৱাৰাম বৰুৱা, মীনা বৰুৱা, ৰাতুল বৰা, চম্পা কলিতা, হিমেশ্বৰ দাস, দীপক কৰ, দিলীপ গোস্বামী, তৰুণ কলিতা, উপেন কাকতি, পংকজ কলিতা, প্ৰণৱ জ্যোতি কলিতা, কমল শইকীয়া, দীপমনি বৰুৱা, অনিল কলিতা, অচ্যুত কলিতাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ মাজ নিশালৈকে অনুষ্ঠিত হোৱা মুকলি বিহু প্ৰতিযোগিতাত কলিয়াবৰৰ ব্ৰহ্মপুত্ৰ বিহুৱা দলে প্ৰথম, শিৱসাগৰৰ জাঁজি পৰীয়া বিহুৱা দলে দ্বিতীয় আৰু মৰিগাঁৱৰ নামদাং বিহুৱা দলে তৃতীয় পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে হাজোৰ পঞ্চতীৰ্থ বিহুৱা দলৰ ঢুলীয়াই শ্ৰেষ্ঠ ঢুলীয়া, মৰিগাঁৱৰ নামদাং বিহুৱা দলৰ বিহুৱাই শ্ৰেষ্ঠ বিহুৱা আৰু কলিয়াবৰৰ ফ্ৰেইণ্ডশ্বিপ ক্লাৱৰ নাচনীয়ে শ্ৰেষ্ঠ নাচনীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় ৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!