নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৯ এপ্ৰিলঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তত অৱস্থিত অসমৰ অন্যতম প্ৰাচীন ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী ন-ৰোৱা কুজিসত্ৰৰ গৌৰৱোজ্জল ৩৭৪ তম্ প্ৰতিষ্ঠা দিৱসটি যোৱা ১৭ এপ্ৰিলৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত সত্ৰীয়া ৰীতি-নীতিৰ মাজেৰে অনুস্থিত হৈছে ৷ তদনুযায়ী ভক্তৰ উপস্থিতিৰে সত্ৰ প্ৰাংগণত উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হৈছে ৷ প্ৰথম দিনা পুৱা সত্ৰীয়া সংস্কৃতিৰ এগৰাকী
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৯ এপ্ৰিলঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তত অৱস্থিত অসমৰ অন্যতম প্ৰাচীন ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী ন-ৰোৱা কুজিসত্ৰৰ গৌৰৱোজ্জল ৩৭৪ তম্ প্ৰতিষ্ঠা দিৱসটি যোৱা ১৭ এপ্ৰিলৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত সত্ৰীয়া ৰীতি-নীতিৰ মাজেৰে অনুস্থিত হৈছে ৷ তদনুযায়ী ভক্তৰ উপস্থিতিৰে সত্ৰ প্ৰাংগণত উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হৈছে ৷ প্ৰথম দিনা পুৱা সত্ৰীয়া সংস্কৃতিৰ এগৰাকী নিৰৱ সাধক তথা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ দ্বাৰা ধৰ্মধ্বজা উত্তোলনেৰ বিস্তৃত কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে আয়তী সকলে ঐতিহাসিক কুজিবিলৰ সাত ঘাটৰ পৰা পানী তুলি আনি সেই পবিত্ৰ জল উৰুলি ধ্বনিৰ মাজেৰে সত্ৰৰ ভাগৱত পাঠ স্থলিত স্থাপন কৰা হয় । তাৰ পিছতেই আইসকলৰ নাম-প্ৰসংগৰ লগতে গোবিন্দ মহাপ্ৰভূলৈ ভোগ আগবঢ়াই নামাচাৰ্য ৰাজু দেৱ গোস্বামীৰ পৰিচালনাত পৰিবেশিত কীৰ্তন মহোৎসৱৰ দ্বাৰা সত্ৰৰ চৌপাশ মুখৰিত কৰি তোলা হয় । দুপৰীয়া কলিয়াবৰ বালিসত্ৰৰ ডেকা সত্ৰীয়া তথা সত্ৰীয়া সংস্কৃতিৰ গৱেষক, সুবক্তা মনি মাধৱ মহন্তই ভাগৱতৰ তত্ব বিশ্লেষণ কৰি অবিৰত মহা ভাগৱত পাঠৰ শুভাৰম্ভ কৰে । এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰতি সন্ধ্যা অমংগল বিনাসী সুমংগল প্ৰকাশক শ্ৰীশ্ৰী বাটনাম কীৰ্তন পৰিবেশন কৰা হয় । ইফালে, কাইলৈ চতুৰ্থ দিনা পুৱা অবিৰতভাবে দিনে-নিশাই চলি থকা মহাভাগৱত পাঠৰ সামৰণি পৰাৰ পিছতে শোভাযাত্ৰাৰে মহাভাগৱত গ্ৰাম্য ভ্ৰমণ কৰোৱা হ’ব ৷ বিয়লি ভকত আদৰণিৰ পিছতে মহাপালনাম মহোৎসৱৰ শুভাৰম্ভ ঘটোৱা হ’ব ৷ ঠিক সেইদৰে অহা ২১ এপ্ৰিলৰ অন্তিম দিনা মহাপাল নাম কীৰ্তন মহোৎসৱৰ অন্ত পৰাৰ পিছতেই সন্ধ্যা ৭ বজাৰ পৰা আমন্ত্ৰিত শিল্পী, কলা-কুশলীৰ দ্বাৰা পৰিবেশন কৰিবলগীয়া বাৰেৰহণীয়া সত্ৰীয়া সাংস্কৃতিক কাৰ্যসূচীৰ দ্বাৰা প্ৰতিষ্ঠা দিৱসৰ পাঁচদিনীয়া কাৰ্যসূচীৰ সামৰণি পেলোৱা হ’ব বুলি সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীয়ে জানিবলৈ দিছে ৷


















Leave a Comment
Your email address will not be published. Required fields are marked with *