নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ এপ্ৰিলঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তত অৱস্থিত অসমৰ অন্যতম প্ৰাচীন ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী ন-ৰোৱা কুজিসত্ৰৰ গৌৰৱোজ্জল ৩৭৪ তম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰমত্ত কেশৰী মহাপালনাম মহোৎসৱ আৰু অবিৰত মহাভাগৱত পাঠৰ আয়োজন কৰা হৈছে ৷ অহা ১৭ এপ্ৰিলৰ পৰা পাঁচদিনীয়া বৰ্ণিল সত্ৰীয়া পৰম্পৰাগত কাৰ্যক্ৰমণিকাৰে এই মহোৎসৱভাগ শ্ৰী শ্ৰী ন-ৰোৱা কুজিসত্ৰ বৈষ্ণৱপুৰ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ এপ্ৰিলঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তত অৱস্থিত অসমৰ অন্যতম প্ৰাচীন ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী ন-ৰোৱা কুজিসত্ৰৰ গৌৰৱোজ্জল ৩৭৪ তম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰমত্ত কেশৰী মহাপালনাম মহোৎসৱ আৰু অবিৰত মহাভাগৱত পাঠৰ আয়োজন কৰা হৈছে ৷ অহা ১৭ এপ্ৰিলৰ পৰা পাঁচদিনীয়া বৰ্ণিল সত্ৰীয়া পৰম্পৰাগত কাৰ্যক্ৰমণিকাৰে এই মহোৎসৱভাগ শ্ৰী শ্ৰী ন-ৰোৱা কুজিসত্ৰ বৈষ্ণৱপুৰ থানত অনুষ্ঠিত হ’ব বুলি সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীয়ে জানিবলৈ দিছে ৷ তদনুযায়ী ৰাজু বৰুৱাক সভাপতি, জিতুল কলিতা আৰু সত্যব্ৰত দেৱ গোস্বামীক কাৰ্যকৰী সভাপতি, ৰঞ্জন কুমাৰ গোস্বামীক সম্পাদক হিচাপে লৈ এখনি উদযাপন সমিতি গঠন কৰা হৈছে ৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা গোবিন্দ মহাপ্ৰভুৰ শ্ৰীচৰণত ভোগ চৰোৱা মহোৎসৱ, আইসকলৰ নাম আৰু পানীতোলা অনুষ্ঠান, ধৰ্মধ্বজা উত্তোলন, ভক্তি প্ৰদীপ প্ৰজ্বলন, খোল প্ৰসংগ আৰু দুপৰীয়া মুকলি নাম-কীৰ্তন অনুষ্ঠিত হ’ব ৷ বিয়লি দুই বজাত আধ্যাত্মিক ৰীতি-নীতিৰ মাজেৰে অবিৰত মহাভাগৱত পাঠৰ শুভাৰম্ভ কৰা হ’ব ৷ সন্ধিয়া পৰম্পৰাগত বাট নাম প্ৰসংগ পৰিবেশন কৰা হ’ব ৷ দ্বিতীয় আৰু তৃতীয় দিনা অবিৰতভাবে মহাভাগৱত পাঠ চলি থকাৰ লগতে সন্ধিয়া ভক্তি প্ৰদীপ প্ৰজ্বলন আৰু বাট নাম-কীৰ্তন পৰিবেশিত হ’ব ৷ ইফালে, চতুৰ্থ দিনা পুৱা অবিৰতভাবে দিনে-নিশাই চলি থকা মহাভাগৱত পাঠৰ সামৰণি পৰাৰ পিছতে শোভাযাত্ৰাৰে মহাভাগৱত গ্ৰাম্য ভ্ৰমণ কৰোৱা হ’ব ৷ বিয়লি ভকত আদৰণিৰ পিছতে মহাপালনাম মহোৎসৱৰ শুভাৰম্ভ ঘটোৱা হ’ব ৷ সন্ধিয়া বাট নাম-কীৰ্তনৰ সামৰণি আৰু গন্ধোৎসৱ অনুষ্ঠিত কৰা হ’ব ৷ অন্তিম দিনা পুৱা আইসকলৰ নাম আৰু খোল-প্ৰসংগৰ পিছতে মহাপালনাম মহোৎসৱৰ অন্ত পৰিব ৷ দুপৰীয়া কীৰ্তন মহোৎসৱ আৰু প্ৰসাদ বিতৰণৰ অন্তত বিয়লি আমন্ত্ৰিত ভকত-বৈষ্ণৱৰ বিদায় সম্ভাষণ আৰু ধৰ্মধ্বজা অৱনমনৰ দ্বাৰা পাঁচদিনীয়া কাৰ্যসূচীৰ সামৰণি পেলোৱা হ’ব ৷



















Leave a Comment
Your email address will not be published. Required fields are marked with *