নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ এপ্ৰিলঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৰ কপাহেৰা ষ্টেডিয়ামত কপাহেৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত তথা মৰিগাঁও উত্তৰ-পূব ভলীবল সন্থাৰ সহযোগত আয়োজিত সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক দিবা-নৈশ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাখনিৰ সফলতহৰে সামৰণি পৰে ৷ প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত তেজপুৰ ভলীবল কোচিং চেণ্টাৰ আৰু মহিলাৰ শাখাত তেজপুৰ চিত্ৰলেখা মহিলা ভলীবল দলে চেম্পিয়নৰ খিতাপ দখল
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ এপ্ৰিলঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৰ কপাহেৰা ষ্টেডিয়ামত কপাহেৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত তথা মৰিগাঁও উত্তৰ-পূব ভলীবল সন্থাৰ সহযোগত আয়োজিত সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক দিবা-নৈশ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাখনিৰ সফলতহৰে সামৰণি পৰে ৷ প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত তেজপুৰ ভলীবল কোচিং চেণ্টাৰ আৰু মহিলাৰ শাখাত তেজপুৰ চিত্ৰলেখা মহিলা ভলীবল দলে চেম্পিয়নৰ খিতাপ দখল কৰে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ১২টা দলে যোগদান কৰা প্ৰতিযোগিতাখনিৰ শনিবাৰে নিশা অনুষ্ঠিত হোৱা পুৰুষৰ ফাইনেলত তেজপুৰ ভলীবল কোচিং চেণ্টাৰে মৰিগাঁও ভলীবল দলক ২-১ গেমত পৰাজিত কৰাৰ বিপৰীতে মহিলা শাখাৰ ফাইনেলত তেজপুৰ চিত্ৰলেখা মহিলা ভলীবল দলটোৱে কপাহেৰা ভলীবল কোচিং চেণ্টাৰক ২-১ গেমত পৰাস্ত কৰে ৷ প্ৰাক্তন খেলুৱৈ তেজপুৰৰ ৰাজেন ভূঞাই আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা প্ৰতিযোগিতাখনিৰ মাজতে অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তপন কুমাৰ দাস, অসম ভলীবল সন্থাৰ উপ সভাপতি জীৱনমল চূড়াণা, অসম যোগ সন্থাৰ যুটীয়া সম্পাদক সমীৰ হাজৰিকা, মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি ৰমেন নাথ আৰু প্ৰাক্তন খেলুৱৈ পৰশুৰাম মহেশ্বৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ দেওঁবাৰে পুৱতি নিশা অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত আয়োজক সমিতিৰ সভাপতি তথা প্ৰাক্তন খেলুৱৈ হেৰম্ব প্ৰসাদ ডেকা, সমাজকৰ্মী দিবেন নাথ, মুকুট শৰ্মা, জীৱন নাথ আৰু এইছ বৰদলৈ আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে ৷ পুৰুষৰ শাখাত তেজপুৰ ভলীবল কোচিং চেণ্টাৰৰ ৰিটীন বড়োয়ে আৰু মহিলাৰ শাখাত চিত্ৰলেখা ভলীবল দলৰ দিক্ষীতা বৰাই সমাজকৰ্মী ৰাতুল বৰদলৈয়ে আগবঢ়োৱা ফটিক বৰদলৈ সোঁৱৰণী শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷



















Leave a Comment
Your email address will not be published. Required fields are marked with *