728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নাগালেণ্ডৰ ৰাজ্যপালৰ উপস্থিতিত শিল্পগ্ৰামত বিহুনাচৰ কৰ্মশালাৰ সামৰণি

নাগালেণ্ডৰ ৰাজ্যপালৰ উপস্থিতিত শিল্পগ্ৰামত বিহুনাচৰ কৰ্মশালাৰ সামৰণি

নিউজ ডেস্কঃ ৰঙালী বিহুলৈ আৰু বেছিদিন নাই। সেয়েহে অসমবাসীৰ মাজত ব’হাগৰ উচাহ ইতিমধ্যে আৰম্ভ হৈছে। তাৰে এক ছবি পৰিলক্ষিত হ’ল যোৱা সপ্তাহ ধৰি গুৱাহাটীৰ পাঞ্জাবাৰীৰ স্থিত শিল্পগ্ৰামত। উল্লেখযোগ্য যে, উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰৰ উদ্যোগত আৰু সংগীত নাটক অকাদেমী, নতুন দিল্লী, সংস্কৃতি মন্ত্ৰালয়, ভাৰত চৰকাৰৰ সহযোগত ১৭ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈকে আঠদিনীয়া কাৰ্যসূচীৰে সম্পূৰ্ণ

নিউজ ডেস্কঃ ৰঙালী বিহুলৈ আৰু বেছিদিন নাই। সেয়েহে অসমবাসীৰ মাজত ব’হাগৰ উচাহ ইতিমধ্যে আৰম্ভ হৈছে। তাৰে এক ছবি পৰিলক্ষিত হ’ল যোৱা সপ্তাহ ধৰি গুৱাহাটীৰ পাঞ্জাবাৰীৰ স্থিত শিল্পগ্ৰামত। উল্লেখযোগ্য যে, উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰৰ উদ্যোগত আৰু সংগীত নাটক অকাদেমী, নতুন দিল্লী, সংস্কৃতি মন্ত্ৰালয়, ভাৰত চৰকাৰৰ সহযোগত ১৭ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈকে আঠদিনীয়া কাৰ্যসূচীৰে সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত হোৱা “বিহুনাচ, বিহুনাম আৰু বিহু ঢোল”ৰ কৰ্মশালাখনৰ কালি সন্ধিয়া ৮ বজাত সফলতাৰে সামৰণি পৰে। সংগীত নাটক অকাদেমী বঁটা প্ৰাপক বিহুগুৰু তথা এন ই জেড চি চিৰ সঞ্চালক ডাঃ প্ৰসন্ন গগৈৰ পৰিচালনা অনুষ্ঠিত কৰ্মশালাত অসমৰ ১০ গৰাকী বিহুনাচ, নাম আৰু ঢোলৰ প্ৰতিভাশালী বিশিষ্ট শিল্পীয়ে প্ৰশিক্ষক হিচাপে আৰু ১২ গৰাকী যুৱ শিল্পীয়ে সহ প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ আগবঢ়ায়। অসমৰ বিভিন্ন প্ৰান্তৰ সৰ্বমুঠ ১,৫৪৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কালি বিয়লি শিল্পগ্ৰামত, ৫ বজাৰ পৰা অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে নাগালেণ্ডৰ ৰাজ্যপালৰ তথা এন ই জেড চি চিৰ অধ্যক্ষ লা গনেশন, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া স্বপ্ননীল বৰুৱা, সংগীতৰত্ন দুলাল ৰয় আৰু বিশিষ্ট অভিনেত্ৰী চেতনা দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ৫ সহস্ৰাধিক ব্যক্তি উপস্থিত থাকে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!