নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ মাৰ্চঃ সমগ্ৰ ৰাজ্যজুৰি এতিয়া ৰঙৰ উৎসৱক লৈ আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে ৷ ইয়াৰ ব্যতিক্ৰম নহয় নগাঁও জিলাৰ জামুগুৰি অঞ্চলো ৷ অঞ্চলটোৰ ইতিহাস প্ৰসিদ্ধ সাৰ্বজনীন গৰখীয়া থানত পূৰ্বৰ দৰে এইবেলিও উদযাপিত হৈছে দৌল উৎসৱ ৷ এই মৰ্মে, সমগ্ৰ অঞ্চলটো একপ্ৰকাৰে উৎসৱমুখৰ হৈ পৰিছে ৷ দৌল উৎসৱৰ আজি দ্বিতীয় দিনা বিভিন্ন প্ৰান্তৰ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ মাৰ্চঃ সমগ্ৰ ৰাজ্যজুৰি এতিয়া ৰঙৰ উৎসৱক লৈ আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে ৷ ইয়াৰ ব্যতিক্ৰম নহয় নগাঁও জিলাৰ জামুগুৰি অঞ্চলো ৷ অঞ্চলটোৰ ইতিহাস প্ৰসিদ্ধ সাৰ্বজনীন গৰখীয়া থানত পূৰ্বৰ দৰে এইবেলিও উদযাপিত হৈছে দৌল উৎসৱ ৷ এই মৰ্মে, সমগ্ৰ অঞ্চলটো একপ্ৰকাৰে উৎসৱমুখৰ হৈ পৰিছে ৷ দৌল উৎসৱৰ আজি দ্বিতীয় দিনা বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা ভক্তৰ উপস্থিতিৰে থান প্ৰাংগণত উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত ৰুহিত নাথ আৰু হেমকান্ত নাথৰ তত্ত্বাৱধানত গন্ধৱ বাদনৰ অন্তত দৌল মন্দিৰৰ দৌল ধ্বজা সংস্থাপনৰ লগতে মনিকুট আৰু দৌল মন্দিৰত বন্তি প্ৰজ্বলন কৰা হয় ৷ উক্ত কাৰ্যসূচীত দৌল ধ্বজা সংস্পৰ্শক হিচাপে থান পৰিচালনা সমিতিৰ সম্পাদক পোৱাল চন্দ্ৰ নাথ উপস্থিত থকাৰ বিপৰীতে বন্তি প্ৰজ্বলন কৰে থানঘৰীয়া টংকেশ্বৰ নাথে । ইয়াৰ পিছতে অঞ্চলৰ ৩০ টা নামঘৰৰ পৰা পৰা ধৰ্মধ্বজা আৰু জল কলছি শুভাযাত্ৰা কৰি উৎসৱস্থলীলৈ অনাৰ পিছতে এক নান্দনিক পৰিবেশত উৎসৱৰ মূল ধৰ্মধ্বজা ভাগ উদযাপন সমিতিৰ সভাপতি পুস্পেন্দ্ৰ হাজৰিকাই আৰু বাকী ৩০ ভাগ অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হয় ৷ তাৰ পিছতে গোঁসাই স্নান, স্থাপন আৰু ভকতৰ নিৰ্মালী প্ৰদানৰ অন্তত খোল প্ৰসংগ আৰু নাম-কীৰ্তনেৰে উৎসৱস্থলী মুখৰিত কৰি তোলা হয় ৷ ইফালে, বিয়লি দিহানাম প্ৰদৰ্শন, সম্বৰ্ধনা, সাহায্য আৰু শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ লগতে সন্ধিয়া বন্তি প্ৰজ্বলন, মংগল ধ্বনি কাৰ্যসূচী ৰূপায়ন কৰা হয় বুলি বুলি উদ্যোক্তা সমিতিৰ হৈ উৎপল বৰদলৈ, অনিল চন্দ্ৰ নাথ আৰু বুবুল বৰদলৈয়ে জানিবলৈ দিছে ৷



















Leave a Comment
Your email address will not be published. Required fields are marked with *