নিউজ ডেস্কঃ ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ উদ্যোগত বিশ্ব পুতলা নাচৰ লগত সংগতি ৰাখি ১৮-২১ মাৰ্চলৈ ভাৰতীয় পুতলা শিল্পৰ এক উৎসৱ ‘পুতুল যাত্ৰা ২০২৪’ ঝাৰখাণ্ডৰ ধানবাদত থকা বি চি চি এল কমিউনিটি হলত আজি সামৰণি পৰে। ‘পুতুল যাত্ৰা ২০২৪’ত পদ্মশ্ৰী, সংগীত নাটক অকাডেমী আৰু ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত উচ্চ মানৰ পুতলা নাচৰ ১৪
নিউজ ডেস্কঃ ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ উদ্যোগত বিশ্ব পুতলা নাচৰ লগত সংগতি ৰাখি ১৮-২১ মাৰ্চলৈ ভাৰতীয় পুতলা শিল্পৰ এক উৎসৱ ‘পুতুল যাত্ৰা ২০২৪’ ঝাৰখাণ্ডৰ ধানবাদত থকা বি চি চি এল কমিউনিটি হলত আজি সামৰণি পৰে। ‘পুতুল যাত্ৰা ২০২৪’ত পদ্মশ্ৰী, সংগীত নাটক অকাডেমী আৰু ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত উচ্চ মানৰ পুতলা নাচৰ ১৪ টা দলক আমন্ত্ৰণ কৰিছিল। অসমৰ ২০২২ চনত ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ গৱেষণা জলপানি প্ৰাপ্ত তথা এন চি ই আৰ টি, চি চি আৰ টি, এছ চি আৰ টি, বিজ্ঞান প্ৰসাৰৰ সমল ব্যক্তি বিনীতা দেৱীৰ পৰিচালনাত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় চিনিয়ৰ ফেল’ শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ ৰচিত নাট ‘বিষ্ণু প্ৰসাদ ৰাভা’ সুৰজিৎ একাডেমীৰ জৰিয়তে ২১ মাৰ্চত ‘পুতুল যাত্ৰা ২০২৪’ত পুতলা নাট পৰিবেশন কৰে। পুতলা নাটখনৰ সংগীত অভিজিৎ বৰ্মনৰ। ‘বিষ্ণু প্ৰসাদ ৰাভা’ পুতলা নাটখনৰ চৰিত্ৰসমূহৰ কণ্ঠস্বৰ আৰু সংগীত অদিষ্ণা ৰাজবংশী আৰু অপলক শৰ্মাৰ। নাটখনত বিষ্ণু প্ৰসাদ ৰাভাই স্বাধীনতা আন্দোলনত সংগীত, আবৃত্তি, নাটক আদিৰ জৰিয়তে কিদৰে জনগণক জাগ্ৰত কৰিছিল, সেইসমূহ দাঙি ধৰা হৈছে। কোনো ধৰণৰ অস্ত্ৰৰে যুদ্ধ নকৰি সাংস্কৃতিক মাধ্যমেৰে বৈপ্লৱিক ধাৰাৰে প্ৰতিপক্ষক মষিমূৰ কৰি আগুৱাই গৈ পৰাভূত কৰিছিল শত্ৰুপক্ষক। স্বাধীনতা আন্দোলনত সকলো জাতি, উপ-জাতি, ধনী-দুখীয়া সকলোকে একত্ৰিত কৰি কিদৰে জাগ্ৰত হৈছিল সুন্দৰকৈ প্ৰতিফলিত কৰিছে নাটখনত। লাঠী পুতলা আৰু ছায়া পুতলাৰ জৰিয়তে পৰিবেশন কৰা হয় নাটখন। পুতলা নাটখনত পৰিবেশন কৰা পুতলাসমূহৰ সঞ্চালনত কোনো জড়তা দেখিবলৈ পোৱা নগৈছিল। প্ৰতিটো দৃশ্য সুন্দৰভাৱে উপস্থাপন কৰিছিল। নাটখনত নাট্য শাস্ত্ৰৰ নৱ ৰস অন্তৰ্নিহিত হোৱাটো উল্লেখনীয়। নাটখনত সকলো ৰসেই যেন ‘বিষ্ণু প্ৰসাদ ৰাভা’ত দেখুওৱা হৈছিল। সংগীত-নৃত্য- নাটক আদিৰেও শত্ৰু পক্ষক দমন কৰাৰ যি এক ধাৰা তাক পুতলা নাটত সুন্দৰভাৱে দাঙি ধৰিছে। নিজৰ আই অসমীৰ প্ৰতি সন্মান ৰাখি একত্ৰিত কৰিছিল সকলো শ্ৰেণীক। অসুস্থ দেহাৰেও নিজৰ মাটি, ভেটিত খাঁমুচি ধৰি ৰাখিবলৈ আহ্বান কৰিছিল অসমৰ জনগণক। ‘বিষ্ণু প্ৰসাদ ৰাভা’ পুতলা নাটখনত সুন্দৰভাৱে এই সকলো কথাই বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনজোৰা কাৰ্য দাঙি ধৰিছে।
সূত্ৰধাৰৰ উপস্থাপনে নাটখনত এক মহানতম কাৰ্য উপস্থাপন কৰিছে। সম্পূৰ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাটত দেখুওৱাৰ দৰে সূত্ৰধাৰৰ সাজ-সজ্জাৰে পুতলা নাটখন আকৰ্ষিত কৰাৰ লগতে হৃদয়ংগম কৰিছে। পুতলাসমূহ সঞ্চালন কৰে ধ্ৰুৱ জ্যোতি কলিতা, প্ৰণৱ জ্যোতি ৰাভা, হাৰ্দিক শৰ্মা, অংগৰাগ মহন্ত, বিনীতা দেৱী, কৰিস্মিতা তালুকদাৰ, দীপা মহন্ত, পলক কৈৰী, সীমান্ত শৰ্মা। বিনীতা দেৱীৰ পৰিচালনাত ‘বিষ্ণু প্ৰসাদ ৰাভা’ পুতলা নাটৰ সফল মঞ্চায়নে সন্মানীয় পদ্মশ্ৰী আৰু সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্তসকলক অভিভূত কৰি তোলে। এই নাটখনে ইতিমধ্যে ভাৰত চৰকাৰৰ অধীনত বিভিন্ন ৰাজ্যত সাংস্কৃতিক কাৰ্যক্ৰমত পৰিবেশন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। তেখেতৰ পৰিচালনাৰ পুতলা নাটসমূহ অসমৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব। বিনীতা দেৱীৰ এই নাট্য যাত্ৰা অসমৰ লগতে বিশ্বত অবিৰত থাকক, আগলৈ আমি অসমৰ জনজীৱনৰ লগত সংগতি থকা তথা অসমৰ পুতলা নাট বিশ্ব দৰবাৰত জিলিকি উঠক তাৰেই কামনা কৰিছো।


















Leave a Comment
Your email address will not be published. Required fields are marked with *