কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে আজি নতুন দিল্লীত সম্প্ৰচাৰ আৰু মিডিয়া প্ৰযুক্তি বিষয়ক ২৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত শ্ৰোতাসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় ভাৰতৰ সম্প্ৰচাৰ উদ্যোগৰ এক দৃঢ় আৰু দায়িত্বশীল অভিভাৱক হৈ আহিছে, যিয়ে ইয়াক জ্ঞান আৰু দূৰদৰ্শিতাৰে পৰিৱৰ্তনৰ ঢৌৰ মাজেৰে পৰিচালনা
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে আজি নতুন দিল্লীত সম্প্ৰচাৰ আৰু মিডিয়া প্ৰযুক্তি বিষয়ক ২৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত শ্ৰোতাসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় ভাৰতৰ সম্প্ৰচাৰ উদ্যোগৰ এক দৃঢ় আৰু দায়িত্বশীল অভিভাৱক হৈ আহিছে, যিয়ে ইয়াক জ্ঞান আৰু দূৰদৰ্শিতাৰে পৰিৱৰ্তনৰ ঢৌৰ মাজেৰে পৰিচালনা কৰি আহিছে। ৰাজহুৱা সেৱাৰ সম্প্ৰচাৰ, আৰ্হি প্ৰস্তুতকৰণ আৰু সামগ্ৰিক নীতিৰ ৰূপায়ণৰ, মিডিয়া সাক্ষৰতা আৰু সম্প্ৰচাৰ তথা মিডিয়া উদ্যোগত ব্যক্তিগত অংশগ্ৰহণকাৰীক উৎসাহিত কৰাত ইয়াৰ অটল প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ঘটাই আহিছে। এনেদৰে ভাৰতত এক সজীৱ, সামগ্ৰিক আৰু স্থিতিস্থাপক সম্প্ৰচাৰ তথা মিডিয়া পৰিস্থিতিতন্ত্ৰৰ আধাৰশিলা স্থাপন কৰিছে, যি বিবিধতাৰে পূৰ্ণ, তথ্যসমৃদ্ধ আৰু দায়বদ্ধ।

মন্ত্ৰীগৰাকীয়ে আমাৰ দেশৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ মানসম্পন্ন সমল প্ৰদান কৰাৰ বাবে ৰাজহুৱা সেৱাৰ সম্প্ৰচাৰ শক্তিশালী কৰাৰ আহ্বান জনাইে কয় যে ভাৰতে আমাৰ সাংস্কৃতিক ঐতিহ্যৰ সমৃদ্ধ কেনভাছক স্বীকৃতি প্ৰদান কৰি ইয়াৰ বাবে অনন্য পথ সৃষ্টি কৰিব লাগিব। তেওঁ লগতে মন্তব্য কৰে যে প্ৰসাৰ ভাৰতীয়ে আমাৰ দেশৰ এখন সুন্দৰ ছবি দাঙি ধৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কয় “দূৰদৰ্শনৰ ধূসৰ ক’লা-বগা পৰ্দাৰ পৰা এইচডি আৰু এতিয়া ৪ কে ডিজিটেললৈ পৰিৱৰ্তন হৈছে, এনালগ মিডিয়াম ৱেভৰ পৰা ডিআৰএমলৈ আৰু এতিয়া আকাশবাণীৰ এফএমলৈ, দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ বিবিধ অনুষ্ঠানে ভাৰতীয় প্ৰজন্মক বিভিন্ন বিষয়ত অৱগত কৰোৱাৰ লগতে শিক্ষিত কৰি তুলিছে তথা মনোৰঞ্জন প্ৰদান কৰিছে। এনালগ যুগৰ পৰা আজিৰ গতিশীল ডিজিটেল চিত্ৰপটলৈকে, আমাৰ সম্প্ৰচাৰকসকলে স্থিতিস্থাপকতা, উদ্ভাৱন আৰু উৎকৃষ্টতাৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰ দ্বাৰা উদ্বুদ্ধ হৈ এক দীঘলীয়া পথ অতিক্ৰম কৰিছে”।
শ্ৰী ঠাকুৰে কয় যে প্ৰযুক্তিগত উন্নতিয়ে সুযোগ আৰু প্ৰত্যাহ্বান দুয়োটাকে উপস্থাপন কৰে আৰু একাধিক মঞ্চত উচ্চ মানৰ, ব্যক্তিগতকৃত সমলৰ চাহিদা এতিয়া বৃদ্ধি পাইছে। সেই উদ্দেশ্যৰ বাবে সম্প্ৰচাৰ সম্পৰ্কীয় সঁজুলিৰ শেহতীয়া প্ৰজন্মৰ দৃষ্টিৰে বিকাশ কৰাটো এক অত্যাৱশ্যকীয় বিষয় হৈ পৰিছে। থলুৱা গৱেষণা আৰু বিকাশক উৎসাহিত কৰা, আমাৰ বৈজ্ঞানিক প্ৰতিভাৰ বিকাষ ঘটোৱা আৰু উদ্যোগ তথা শিক্ষা জগতৰ মাজত অংশীদাৰিত্ব গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে আজি আমাৰ কাৰ্যকলাপে আত্মনিৰ্ভৰশীল সম্প্ৰচাৰৰক্ষেত্ৰ খনত আমাৰ সপোনৰ সফলতা নিৰ্ধাৰণ কৰিব।
Leave a Comment
Your email address will not be published. Required fields are marked with *