728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

উত্তৰ পূব মণ্ডল স্পৰ্ট ক্লাইম্বিং প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ পদক বিজয়

উত্তৰ পূব মণ্ডল স্পৰ্ট ক্লাইম্বিং প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ পদক বিজয়

নিউজ ডেস্কঃ সদ্যসমাপ্ত উত্তৰ পূব মণ্ডল স্পৰ্ট ক্লাইম্বিং প্ৰতিযোগিতাত অসম ৰক এণ্ড স্পৰ্ট ক্লাইম্বিং এছোচিয়েচনৰ সদস্যই মুঠ ৫টা পদক বিজয়ী হৈ ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ খেলুৱৈসকলৰ মাজত এই প্ৰতিযোগিতাখন চিকিম ৰাজ্যৰ চেমছি চহৰত ইণ্ডিয়ান হিমালয়ান চেন্টাৰ ফ’ৰ এডভেন্সাৰ এণ্ড ইক’ টুৰিজম প্ৰতিষ্ঠানত ভাৰতীয় পৰ্বতাৰোহন সংস্থাৰ তত্বাৱধানত অনুষ্ঠিত হয়। মুঠ ৫টা পদকেৰে অসম

নিউজ ডেস্কঃ সদ্যসমাপ্ত উত্তৰ পূব মণ্ডল স্পৰ্ট ক্লাইম্বিং প্ৰতিযোগিতাত অসম ৰক এণ্ড স্পৰ্ট ক্লাইম্বিং এছোচিয়েচনৰ সদস্যই মুঠ ৫টা পদক বিজয়ী হৈ ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ খেলুৱৈসকলৰ মাজত এই প্ৰতিযোগিতাখন চিকিম ৰাজ্যৰ চেমছি চহৰত ইণ্ডিয়ান হিমালয়ান চেন্টাৰ ফ’ৰ এডভেন্সাৰ এণ্ড ইক’ টুৰিজম প্ৰতিষ্ঠানত ভাৰতীয় পৰ্বতাৰোহন সংস্থাৰ তত্বাৱধানত অনুষ্ঠিত হয়। মুঠ ৫টা পদকেৰে অসম দলটো প্ৰতিযোগিতাত দলীয়ভাৱে তৃতীয় স্থান‌ দখল কৰিবলৈ সক্ষম হয়।
পদক বিজয়ী অসমৰ খেলুৱৈ কেইজন হ’ল – মেথিচ্যু জন মাৰাক – ১টা সোণ আৰু ১টা ব্ৰঞ্জৰ পদক। ছায়া চুনাৰ- ১টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক। বিপুল শৰ্মা – ১টা ব্ৰঞ্জৰ পদক। উল্লেখ্য যে অসমৰ পদক বিজয়ী তিনিওজন প্ৰতিযোগী চলিত মাহৰ ২১ তাৰিখৰ পৰা বাংগালোৰত অনুষ্ঠিত হ’ব লগীয়া ২৭তম সৰ্বভাৰতীয় স্পৰ্ট ক্লাইম্বিং প্ৰতিযোগিতাত উত্তৰ পূব মাণ্ডলিক দলৰ সদস্য হিচাপে অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos