728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

কটন কলেজৰ এলমনাই ভৱনত ‘স্পন্দন…শব্দৰ পৰা হৃদয়লৈ’ গোটৰ ২০২৩ বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠান

কটন কলেজৰ এলমনাই ভৱনত ‘স্পন্দন…শব্দৰ পৰা হৃদয়লৈ’ গোটৰ ২০২৩ বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠান

নিউজ ডেস্কঃ ৩ ডিচেম্বৰ, দেওবাৰে গুৱাহাটী মহানগৰীৰ ঐতিহ্যমণ্ডিত কটন কলেজৰ এলমনাই ভৱনত অনুষ্ঠিত হৈ যায় ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ এক আকৰ্ষণীয় তথা গাম্ভীৰ্য্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠান ৷উক্ত অনুষ্ঠানত অসমৰ বহু কেইগৰাকী স্বানামধন্য কবি-সাহিত্যিকৰ উপস্থিতিত বিগত কেইবছৰৰ দৰেই এইবাৰো প্ৰদান কৰা হয় ২০২৩ বৰ্ষৰ ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’কে ধৰি ‘গোলাপ চন্দ্ৰ বৰা সোঁৱৰণী উপন্যাস বঁটা-২০২৩’,

নিউজ ডেস্কঃ ৩ ডিচেম্বৰ, দেওবাৰে গুৱাহাটী মহানগৰীৰ ঐতিহ্যমণ্ডিত কটন কলেজৰ এলমনাই ভৱনত অনুষ্ঠিত হৈ যায় ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ এক আকৰ্ষণীয় তথা গাম্ভীৰ্য্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠান ৷
উক্ত অনুষ্ঠানত অসমৰ বহু কেইগৰাকী স্বানামধন্য কবি-সাহিত্যিকৰ উপস্থিতিত বিগত কেইবছৰৰ দৰেই এইবাৰো প্ৰদান কৰা হয় ২০২৩ বৰ্ষৰ ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’কে ধৰি ‘গোলাপ চন্দ্ৰ বৰা সোঁৱৰণী উপন্যাস বঁটা-২০২৩’, ‘দ্বিজেন নাথ গৱেষণা গ্ৰন্থ বঁটা ২০২৩’ ৰ লগতে ‘যুৱ অনুপ্ৰেৰণা বঁটা-২০২৩’৷
বৰ্তমান সময়ত সাহিত্য-সংস্কৃতিৰ সেৱাত ব্ৰতী সমগ্ৰ অসমৰ ভিতৰতে এটি আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটে অসমীয়া কাব্য সাহিত্যৰ সাধনাত ব্ৰতী যুৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যে আজি কেইবাবছৰ ধৰি ৪০ বছৰৰ অনুৰ্ধ্বৰ কবিৰ কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বাবে প্ৰদান কৰি আহিছে ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’ ৷ ২০১৪ চনৰ পৰা ২০১৭ চনলৈ গুৱাহাটীৰ বনফুল প্ৰকাশনৰ সহযোগত এই বঁটা আগবঢ়োৱা হৈছিল যদিও পৰৱৰ্তী সময়ত স্পন্দন… পৰিয়ালৰ লাই খুঁটা স্বৰূপ লক্ষেশ্বৰ হাজৰিকাৰ মৃত্যুত তেওঁৰ পৰিয়ালে এই বঁটা নিয়মীয়াকৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
প্ৰতি বছৰৰ দৰে এইবছৰো অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতালৈ অহা ২৩খন পাণ্ডুলিপিৰ ভিতৰত ‘অনুপস্থিতি আৰু অন্যান্য কবিতা’ শীৰ্ষক পাণ্ডুলিপিৰ বাবে ২০২৩ বৰ্ষত ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’ লাভ কৰিবলৈ সক্ষম হয় নলবাৰীৰ জংকি শৰ্মাই ৷
আনহাতে, বিশিষ্ট সাহিত্যিক, লোক সংস্কৃতিৰ গৱেষক, সাহিত্যিক পেন্সনাৰ দ্বিজেন নাথৰ সোঁৱৰণত তেওঁৰ পৰিয়াল বৰ্গৰ সহযোগত আৰু ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত আগবঢ়োৱা ‘দ্বিজেন নাথ গৱেষণা গ্ৰন্থ বঁটা ২০২৩’ বঁটা ‘গোৱালপাৰা দৰ্পণ’ নামৰ গ্ৰন্থৰ বাবে দিলীপ কুমাৰ শৰ্মাক প্ৰদান কৰা হয়৷ এই বঁটা প্ৰদান কৰে মৃদুল নাথ আৰু তেওঁৰ পৰিয়ালবৰ্গই ৷
আনহাতে ‘জাকাৰান্দা’ উপন্যাসৰ বাবে স্পন্দনৰ সৌজন্যত বিশিষ্ট লেখিকা গীতালি বৰা আৰু তেওঁৰ পৰিয়ালে প্ৰয়াত গোলাপ চন্দ্ৰ বৰা সোঁৱৰণত আগবঢ়োৱা ‘গোলাপ চন্দ্ৰ বৰা সোঁৱৰণী উপন্যাস বঁটা-২০২৩’ লাভ কৰে বিপাশা বৰাই ।
উল্লেখনীয় যে এইবাৰৰ পৰা স্পন্দনৰ সৌজন্যত আৰু লক্ষেশ্বৰ হাজৰিকাৰ পৰিয়ালৰ বিসেষ উদ্যোগত ভাওনাৰ প্ৰতি সদায়ে এক বিশেষ আকৰ্ষণ অনুভৱ কৰা সংস্কৃতিৱান ব্যক্তি লক্ষেশ্বৰ হাজৰিকাৰ সোঁৱৰণত শংকৰী সংস্কৃতি তথা ভাওনাজগতত নিষ্ঠাৰে কাম কৰি থকা অসমৰ নৱ প্ৰজন্মৰ এজন যুৱ শিল্পীলৈ আগবঢ়োৱা হয় ‘যুৱ অনুপ্ৰেৰণা বঁটা’ । প্ৰথমবাৰৰ বাবে এই লক্ষেশ্বৰ হাজৰিকা সোঁৱৰণী ‘যুৱ অনুপ্ৰেৰণা বঁটা-২০২৩’ প্ৰদান কৰা হয় যুৱ অভিনেতা, জনপ্ৰিয় ভাওনা শিল্পী যোৰহাটৰ ময়ূৰজিৎ কলিতাক ।
স্পন্দন গোটৰ সভাপতি ময়ূৰী দত্তই আঁত ধৰা সভাখনত বিশিষ্ট কবি নীলিম কুমাৰ, আনিছ উজ জামান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ অনিল বড়ো, সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচার্য, বিশিষ্ট সাহিত্যিক পৰী হিলৈদাৰীয়ে উক্ত বঁটাসমূহ প্ৰদান কৰি বঁটাপ্ৰাপকসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ জ্ঞানগৰ্ভ বক্তব্যই সভাগৃহত উপস্থিত সাহিত্যানুৰাগী প্ৰতিজন ব্যক্তিকেই অনুপ্ৰাণিত কৰে।
এই গাম্ভীৰ্য্যপূৰ্ণ সভাতেই অসমৰ বিশিষ্ট কবি আনিছ উজ জামানক সাহিত্য সাধনাৰ বাবে প্ৰদান কৰা হয় ‘জীৱনজোৰা সাহিত্য সাধনা বঁটা’ ।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos