নলবাৰীৰ জংকি শৰ্মালৈ ২০২৩ বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা নিউজ ডেস্কঃ ২০২৩ বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’ ঘোষণা কৰা হৈছে। সাহিত্য সংস্কৃতিমূলক স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত আয়োজিত ৪০ বছৰৰ অনুৰ্ধ্বৰ কবিৰ কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতালানিৰে প্ৰতি বছৰৰ দৰে এইবছৰো ‘স্পন্দন বঁটা’ৰ ফলাফল ঘোষণা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতালৈ অহা ২৩খন পাণ্ডুলিপিৰ
নলবাৰীৰ জংকি শৰ্মালৈ ২০২৩ বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা
নিউজ ডেস্কঃ ২০২৩ বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’ ঘোষণা কৰা হৈছে। সাহিত্য সংস্কৃতিমূলক স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত আয়োজিত ৪০ বছৰৰ অনুৰ্ধ্বৰ কবিৰ কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতালানিৰে প্ৰতি বছৰৰ দৰে এইবছৰো ‘স্পন্দন বঁটা’ৰ ফলাফল ঘোষণা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতালৈ অহা ২৩খন পাণ্ডুলিপিৰ ভিতৰত নলবাৰীৰ জংকি শৰ্মা ‘অনুপস্থিতি আৰু অন্যান্য কবিতা’ শীৰ্ষক পাণ্ডুলিপিৰ বাবে নিৰ্বাচিত হৈছে ২০২৩ বৰ্ষৰ ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’ৰ বাবে। বঁটাটোত আছে নগদ ১০ হাজাৰ টকা, স্মাৰক, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰৰ লগতে গ্ৰন্থৰ টোপোলা। জংকি শৰ্মাৰ সফলতাত তেওঁক অভিনন্দন জনাইছে নলবাৰীৰ সাহিত্যৰসিকে । উল্লেখ্য যে ‘চহৰতো এখন আকাশ আছে’ শীৰ্ষক কাব্য সংকলন এখন ইতিমধ্যে প্ৰকাশিত জংকি শৰ্মাই ২০১৮ চনত নলবাৰী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটাও লাভ কৰিছিল। ইয়াৰ উপৰি এইবাৰৰ পৰা আগবঢ়াবলৈ লোৱা হৈছে সংস্কৃতিৱান ব্যক্তি লক্ষেশ্বৰ হাজৰিকাৰ সোঁৱৰণত ‘যুৱ অনুপ্ৰেৰণা বঁটা’। শংকৰী সংস্কৃতি তথা ভাওনাজগতত নিষ্ঠাৰে কাম কৰি থকা অসমৰ নৱ প্ৰজন্মৰ এজন যুৱ শিল্পীলৈ এই বঁটা আগবঢ়োৱা হৈছে। লক্ষেশ্বৰ হাজৰিকা সোঁৱৰণী ‘যুৱ অনুপ্ৰেৰণা বঁটা-২০২৩’ প্ৰথমবাৰৰ বাবে আগবঢ়োৱা হৈছে যুৱ অভিনেতা, জনপ্ৰিয় ভাওনা শিল্পী যোৰহাটৰ ময়ূৰজিৎ কলিতালৈ। আনহাতে, ‘স্পন্দন…শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত আয়োজিত ‘দ্বিজেন নাথ গৱেষণা গ্ৰন্থ বঁটা ২০২৩’ ‘গোৱালপাৰা দৰ্পণ’ নামৰ গ্ৰন্থৰ বাবে দিলীপ কুমাৰ শৰ্মালৈ আগবঢ়োৱা হৈছে। এই বঁটাত আছে নগদ ২৫০০০/- টকা, স্মাৰক, মানপত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা। তদুপৰি ‘গোলাপ চন্দ্ৰ বৰা সোঁৱৰণী উপন্যাস বঁটা-২০২৩’ লাভ কৰিছে ‘জাকাৰান্দা’ উপন্যাসৰ বাবে বিপাশা বৰাই। স্পন্দনৰ সৌজন্যত লেখক, সম্পাদক গীতালি বৰা আৰু তেওঁৰ পৰিয়ালে তেওঁৰ পিতৃ তথা স্বামীৰ সোঁৱৰণত এই বঁটা আগবঢ়াইছে।
উল্লেখ্য যে অহা ৩ ডিচেম্বৰত কটনৰ এলমনাই ভৱনত অনুষ্ঠিত হ’বলগীয়া ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ বঁটা প্ৰদান অনুষ্ঠানত আটাইকেইজন বঁটা প্ৰাপককে বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বঁটাসমূহ প্ৰদান কৰা হ’ব।
Leave a Comment
Your email address will not be published. Required fields are marked with *