ডিজিটেল ডেস্কঃ আজি নিশা অথবা কালিলৈ পুৱা উদ্ধাৰ হ’ব পাৰে টানেলত আবদ্ধ শ্রমিক। মাত্র কেইটামান ঘণ্টা বাকী! মুকলি আকাশৰ তললৈ আহিব সুৰংগত আবদ্ধ ৪১ শ্রমিক। যিকোনো মুহূর্ততে শ্রমিক উদ্ধাৰ অভিযান সমাপ্ত হোৱাৰ সম্ভাৱনা। আজি নিশা বা কাইলৈ পুৱাৰ ভাগত আহিব পাৰে সুখবৰ। ইতিমধ্যে সুৰংগৰ ৩৯ মিটাৰ পর্যন্ত সোমাইছে পাইপ। অতিশীঘ্রেই উত্তৰাখণ্ডৰ উত্তৰকাশীস্থিত চিল্কিয়াৰাত আবদ্ধ শ্রমিক
ডিজিটেল ডেস্কঃ আজি নিশা অথবা কালিলৈ পুৱা উদ্ধাৰ হ’ব পাৰে টানেলত আবদ্ধ শ্রমিক। মাত্র কেইটামান ঘণ্টা বাকী! মুকলি আকাশৰ তললৈ আহিব সুৰংগত আবদ্ধ ৪১ শ্রমিক। যিকোনো মুহূর্ততে শ্রমিক উদ্ধাৰ অভিযান সমাপ্ত হোৱাৰ সম্ভাৱনা। আজি নিশা বা কাইলৈ পুৱাৰ ভাগত আহিব পাৰে সুখবৰ। ইতিমধ্যে সুৰংগৰ ৩৯ মিটাৰ পর্যন্ত সোমাইছে পাইপ। অতিশীঘ্রেই উত্তৰাখণ্ডৰ উত্তৰকাশীস্থিত চিল্কিয়াৰাত আবদ্ধ শ্রমিক হ’ব উদ্ধাৰ। NHIDCLৰ MD মহম্মদ আহমেদে কৰিছে এই ঘোষণা। আন্তঃ ৰাষ্ট্ৰীয় সুৰংগ বিশেষজ্ঞই আহি চলাইছে অভিযান। উল্লেখ্য যে শ্রমিকসকলক উদ্ধাৰৰ বাবে ৬টাকৈ বিখ্যাত এজেন্সীয়ে কাম কৰি আছে। প্রয়োজনীয় অক্সিজেন, আহাৰ, পানী পাইপেৰে প্রেৰণ কৰি থকা হৈছে। ড্রিলিং পাইপৰ সন্মুখত শিল নপৰিলে সহজ হৈ পৰিব ড্রিলিং প্রক্রিয়া।
Leave a Comment
Your email address will not be published. Required fields are marked with *