728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ, বিশ্বৰ পাঁচ শতাধিক কৃষি বিজ্ঞানীৰ অংশগ্ৰহণ যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তিতাবৰস্থ অসম ধান গৱেষণা প্ৰতিষ্ঠানে ইয়াৰ প্ৰতিষ্ঠাৰ গৌৰৱোজ্জ্বল শতবাৰ্ষিকী উপলক্ষে গ্ৰহণ কৰা বছৰজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজিৰে পৰা “খাদ্য সুৰক্ষা আৰু পৰিৱেশ বহনক্ষমতাৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ প্ৰস্তুতি” শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আৰম্ভ হৈছে। দেশ-বিদেশৰ পাঁচ শতাধিক প্ৰসিদ্ধ কৃষি বিজ্ঞানীয়ে অংশগ্ৰহণ কৰা

তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ, বিশ্বৰ পাঁচ শতাধিক কৃষি বিজ্ঞানীৰ অংশগ্ৰহণ

যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তিতাবৰস্থ অসম ধান গৱেষণা প্ৰতিষ্ঠানে ইয়াৰ প্ৰতিষ্ঠাৰ গৌৰৱোজ্জ্বল শতবাৰ্ষিকী উপলক্ষে গ্ৰহণ কৰা বছৰজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজিৰে পৰা “খাদ্য সুৰক্ষা আৰু পৰিৱেশ বহনক্ষমতাৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ প্ৰস্তুতি” শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আৰম্ভ হৈছে। দেশ-বিদেশৰ পাঁচ শতাধিক প্ৰসিদ্ধ কৃষি বিজ্ঞানীয়ে অংশগ্ৰহণ কৰা এই সন্মিলনখন আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্বোধন কৰে ভাৰত চৰকাৰৰ উদ্ভিদৰ জাত সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইনৰ চেয়াৰমেন ত্ৰিলোচন মহাপাত্ৰই। ভাষণ প্ৰসংগত তেখেতে খাদ্য সম্পদৰ সুব্যৱহাৰৰ জৰিয়তে বহনক্ষম খাদ্য ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰকৃতিৰ পৰিবৰ্তনৰ সৈতে ৰজিতা খাদ্য শস্য উৎপাদন আৰু প্ৰাকৃতিক ভাৰসাম্য অক্ষুণ্ণ ৰাখি উৎপাদনক লাভজনক পৰ্যায়লৈ উত্তৰণ ঘটোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। কৃষি উৎপাদন বৃদ্ধি কৰিবলৈ যাওঁতে অত্যধিক ৰাসায়নিক আৰু কীটনাশকৰ প্ৰয়োগৰ বাবে স্বাস্থ্যজনিত বিৰূপ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত এই দিশত অধিক সজাগতাৰ প্ৰয়োজন। সেয়ে মাটিৰ গুণাগুণ নষ্ট নোহোৱাকৈ আৰু পানীৰ মিতব্যয়ী ব্যৱহাৰৰ জৰিয়তে খাদ্য স্বাৱলম্বীতা আৰু খাদ্য সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই অসমৰ ধান গৱেষণাৰ ক্ষেত্ৰৰ গৌৰৱোজ্জ্বল মুহূৰ্তত অসমৰ কৃষি অৰ্থনীতিত ধানৰ ভূমিকা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত নৰৱেৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন কেন্দ্ৰৰ সঞ্চালক ডঃ উদয় শেখৰ নাগাঠু, নতুন দিল্লীস্থ নৰৱে এম্বেছীৰ জলবায়ু আৰু পৰিবেশ কাউন্সিলৰ বিটে লাংগছেট, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ ডঃ ৰেবে য়াহায়োয়ে বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে সন্মিলন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থৰ লগতে ধানখেতি বিষয়ক ডঃ প্ৰসন্ন কুমাৰ পাঠক, ডঃ কিশোৰ কুমাৰ শৰ্মা আৰু ডঃ অৰুণ কুমাৰ পাঠকৰ গ্ৰন্থ ‘হাণ্ড্ৰেড ইয়েৰচ অৱ ৰাইচ ৰিচাৰ্ছ’, ই বুক ‘ৰাইচ কালচাৰ এণ্ড ৰিচাৰ্ছ ইন আছাম’ আৰু ‘এবষ্ট্ৰেক্ট বুক’ নামৰ তিনিখন গ্ৰন্থও উন্মোচন কৰা হয়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos