728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ছুপাৰ ছানডে! কাইলৈ ক্ৰিকেট মহাৰণ উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ছুপাৰ ছানডে! কাইলৈ ক্ৰিকেট মহাৰণ উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ডিজিটেল ডেস্কঃ ছুপাৰ ছানডে! কাইলৈ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল। আগ্ৰহেৰে অপেক্ষা ক্ৰিকেটপ্ৰেমীৰ। মুখামুখি হ’ব দুই মহাশক্তি- ভাৰত বনাম অষ্টেলিয়া। মাজত কেইটামান ঘণ্টা। কাইলৈ অৰ্থাত দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ফাইনেল মেচ। ২০০৩ৰ বিশ্বকাপৰ পিছত ২০২৩। সুদীৰ্ঘ দুটা দশকৰ অন্তত এদিনীয়া বিশ্বকাপৰ মঞ্চত সমুখ সমৰত নামিব ভাৰত বনাম অষ্ট্ৰেলিয়া। অনুশীলত ব্যস্ত দলৰ প্ৰতিগৰাকী খেলুৱৈ। ১ লাখ ৩০

ডিজিটেল ডেস্কঃ ছুপাৰ ছানডে! কাইলৈ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল। আগ্ৰহেৰে অপেক্ষা ক্ৰিকেটপ্ৰেমীৰ। মুখামুখি হ’ব দুই মহাশক্তি- ভাৰত বনাম অষ্টেলিয়া। মাজত কেইটামান ঘণ্টা। কাইলৈ অৰ্থাত দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ফাইনেল মেচ। ২০০৩ৰ বিশ্বকাপৰ পিছত ২০২৩। সুদীৰ্ঘ দুটা দশকৰ অন্তত এদিনীয়া বিশ্বকাপৰ মঞ্চত সমুখ সমৰত নামিব ভাৰত বনাম অষ্ট্ৰেলিয়া। অনুশীলত ব্যস্ত দলৰ প্ৰতিগৰাকী খেলুৱৈ। ১ লাখ ৩০ হাজাৰ আসনবিশিষ্ট নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিশ্বকাপ ২০২৩ৰ মহা ফাইনেল চাবলৈ সমাগম ঘটিব হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীৰ।
আনহাতে বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে মহম্মদ ছামীলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপহাৰ। মহম্মদ ছামিৰ নামত ছামিৰ জন্মস্থান অমৰোহা জিলাৰ গাঁৱত নিৰ্মাণ কৰিব ষ্টেডিয়াম। ভাৰত আৰু নিউজিলেণ্ডৰ ছেমি ফাইনেল মেচত ৭ টা উইকেট দখল কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট এদিনীয়াত ৭ উইকেট দখল কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছিল মহম্মদ ছামি। এই ক্ৰিকেট মহাৰণ উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। ইয়াৰ উপৰি বিশ্বকাপ ক্ৰিকেটৰ ফাইনেললৈ আহিব বিখ্যাত পপষ্টাৰ গায়িক ডুয়া লিপা। পপষ্টাৰ ডুৱা লিপাই পৰিৱেশন কৰিব সংগীতানুষ্ঠান।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos