নিউজ ডেস্কঃ গুৱাহাটী টেনিছ সন্থাৰ উদ্যোগত অহা ২৬ নৱেম্বৰ, দেওবাৰে মহানগৰীৰ উজানবজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দিনৰ ২ বজাৰ পৰা ষষ্ঠ বার্ষিক পুলিন দাস সোঁৱৰণী মুকলি প্ৰাইজমানি কুইজ প্রতিযোগিতাখন অনুষ্ঠিত হ’ব। সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ শৰ্মাই জানিবলৈ দিয়া মতে কুইজ প্রতিযোগিতাখনৰ প্ৰাৰম্ভিক আৰু নিৰ্বাচিত ৰাউণ্ড উক্ত দিনাই দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ’ব। প্ৰতিযোগিতাৰ প্ৰথম,
নিউজ ডেস্কঃ গুৱাহাটী টেনিছ সন্থাৰ উদ্যোগত অহা ২৬ নৱেম্বৰ, দেওবাৰে মহানগৰীৰ উজানবজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দিনৰ ২ বজাৰ পৰা ষষ্ঠ বার্ষিক পুলিন দাস সোঁৱৰণী মুকলি প্ৰাইজমানি কুইজ প্রতিযোগিতাখন অনুষ্ঠিত হ’ব। সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ শৰ্মাই জানিবলৈ দিয়া মতে কুইজ প্রতিযোগিতাখনৰ প্ৰাৰম্ভিক আৰু নিৰ্বাচিত ৰাউণ্ড উক্ত দিনাই দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ’ব। প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ী দলক ক্রমে ১২,০০০, ৮,০০০ আৰু ৬,০০০ টকাৰে পুৰস্কৃত কৰা হ’ব। তদুপৰি চতুর্থ, পঞ্চম আৰু ষষ্ঠ দলক দুহেজাৰ টকাকৈ প্রদান কৰা হ’ব। প্রতিযোগিতাত এটা দলত দুজনকৈ প্রতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। প্রতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বিচৰা প্রতিযোগীয়ে ৯১০১২-৬৪৪৯৮ আৰু ৮৬৩৮৭-১২১৮২ নম্বৰত যোগাযোগ কৰিব পাৰিব।


















Leave a Comment
Your email address will not be published. Required fields are marked with *