728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বাংগালুৰুস্থিত নেচনেল ক্ৰিকেট একাডেমিত প্ৰশিক্ষণৰ সুযোগ নলবাৰীৰ ক্ৰিকেট খেলুৱৈ কাকু বৰ্মনৰ

বাংগালুৰুস্থিত নেচনেল ক্ৰিকেট একাডেমিত প্ৰশিক্ষণৰ সুযোগ নলবাৰীৰ ক্ৰিকেট খেলুৱৈ কাকু বৰ্মনৰ

নিউজ ডেস্কঃ নলবাৰী জিলা ক্ৰিকেট দলৰ খেলুৱৈ কাকু বৰ্মনে ১৫ বছৰ অনুৰ্ধৰ অসম মহিলা দলত স্থান পাই উন্নত প্ৰদৰ্শন দেখুৱাই সকলোৰে দৃষ্টি আকৰ্ষণৰ সময়তে বাংগালুৰুস্থিত নেচনেল ক্ৰিকেট একাডেমিত প্ৰশিক্ষণৰ সুযোগ পাইছে সম্ভাৱনাপূৰ্ণ এইজন খেলুৱৈ কাকুৱে। ভি ভি এছ লক্ষণৰ অধীনত বাংগালুৰুত প্ৰশিক্ষণ ল’বলৈ অহা ১৬ এপ্ৰিলত অসমৰ পৰা একমাত্ৰ মহিলা খেলুৱৈ হিচাপে কাকুৱে গুৱাহাটীৰ পৰা

নিউজ ডেস্কঃ নলবাৰী জিলা ক্ৰিকেট দলৰ খেলুৱৈ কাকু বৰ্মনে ১৫ বছৰ অনুৰ্ধৰ অসম মহিলা দলত স্থান পাই উন্নত প্ৰদৰ্শন দেখুৱাই সকলোৰে দৃষ্টি আকৰ্ষণৰ সময়তে বাংগালুৰুস্থিত নেচনেল ক্ৰিকেট একাডেমিত প্ৰশিক্ষণৰ সুযোগ পাইছে সম্ভাৱনাপূৰ্ণ এইজন খেলুৱৈ কাকুৱে। ভি ভি এছ লক্ষণৰ অধীনত বাংগালুৰুত প্ৰশিক্ষণ ল’বলৈ অহা ১৬ এপ্ৰিলত অসমৰ পৰা একমাত্ৰ মহিলা খেলুৱৈ হিচাপে কাকুৱে গুৱাহাটীৰ পৰা বিমানেৰে বাংগালুৰুলৈ যাত্ৰা কৰিব। বাংগালুৰলৈ যোৱা এই যাত্ৰাত অভিভাৱক হিচাপে কাকুৰ লগত যাব নলবাৰী ক্ৰীড়া সন্থাৰ বিষয়ৱবীয়া।
ইপিনে, বাংগালুৰুস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিত প্ৰশিক্ষণৰ বাবে বাছনি হোৱা নলবাৰীৰ জীয়ৰী কাকু বৰ্মনলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈ কাকু বৰ্মনে ১৫ বছৰ অনুৰ্ধৰ নলবাৰী জিলা মহিলা ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি নিজৰ উন্নত প্ৰদৰ্শনৰ বলত ১৫ বছৰ অনুৰ্ধৰ অসম মহিলা ক্ৰিকেট দললৈও নিৰ্বাচিত হ’বলৈ সক্ষম হৈছিল। প্ৰচুৰ প্ৰতিভাৰ অধিকাৰী কাকু বৰ্মনৰ এই সাফল্যৰ বাবে আজি নলবাৰীৰ প্ৰতিগৰাকী লোকেই আনন্দিত, গৌৰৱাম্বিত বুলি প্ৰকাশ কৰে মন্ত্ৰী বৰুৱাই।
নলবাৰীবাসী ৰাইজৰ আশীৰ্বাদত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিত প্ৰশিক্ষণ গ্ৰহণৰ বাবে বাছনি হোৱা কাকু এগৰাকী সফল খেলুৱৈ হৈ উঠি নলবাৰীৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী স্থানীয় বিধায়ক, মন্ত্ৰী তথা নলবাৰী ক্ৰীড়াসন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱা।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!