দেশৰ ৬ খন কৃষি তথা পশু চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ শতাধিক গৱেষক, বিজ্ঞানী আৰু শিক্ষাৰ্থীৰ অংশগ্ৰহণ যোৰহাটঃ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘ষ্টুডেণ্ট এনগেজমেণ্ট কনক্লেভ’ আৰম্ভ হৈছে। এই কনক্লেভত দেশৰ ৬ খন কৃষি তথা পশু চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ শতাধিক গৱেষক, বিজ্ঞানী আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ
দেশৰ ৬ খন কৃষি তথা পশু চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ শতাধিক গৱেষক, বিজ্ঞানী আৰু শিক্ষাৰ্থীৰ অংশগ্ৰহণ
যোৰহাটঃ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘ষ্টুডেণ্ট এনগেজমেণ্ট কনক্লেভ’ আৰম্ভ হৈছে। এই কনক্লেভত দেশৰ ৬ খন কৃষি তথা পশু চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ শতাধিক গৱেষক, বিজ্ঞানী আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত কনক্লেভৰ উদ্বোধনী অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই সন্মানীয় অতিথি হিচাপে ভাষণত কয় যে বৰ্তমান সময়ত কৃষিক্ষেত্ৰত অহা শেহতীয়া ধাৰাই দেশৰ কৃষি ব্যৱস্থাত অধিক সম্ভাৱনাৰ সৃষ্টি কৰিছে। কৃষি আৰু আনুসংগিক ক্ষেত্ৰত যথেষ্ট গৱেষণাইও এই দিশত আশাৰ সঞ্চাৰ কৰিছে। চাহৰ দৰে বিশ্বসমাদৃত আমাৰ কৃষিজাত সামগ্ৰীৰ তথা বিশেষভাৱে প্ৰস্তুত হোৱা উপাদানে কৃষি উদ্যোগীকৰণৰ দিশত নতুনত্ব বহন কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই মুখ্য অতিথিৰ ভাষণত নিজস্ব ধাৰণাৰে সময়োচিতভাবে কৃষি ষ্টাৰ্ট আপৰ জৰিয়তে আগবাঢ়িলে যথেষ্ট লাভান্বিত হ’ব পৰা যায় বুলি উল্লেখ কৰে। শিক্ষাৰ্থীসকলকো তেওঁ এই চিন্তাৰে কাম আৰম্ভ কৰিবলৈ আহ্বান জনায়। নাহেপৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সমন্বয়ক ড০ কিশোৰ কুমাৰ শৰ্মাই আদৰণি ভাষণ আগবঢ়োৱা সভাখনত নাহেপৰ ৰাষ্ট্ৰীয় সমন্বয়ক ড০ নবীন জৈনে বিশেষ বক্তা হিচাপে ৰাষ্ট্ৰীয় কৃষি উচ্চ শিক্ষা প্ৰকল্পৰ অগ্ৰগতি আৰু কৃতকাৰ্যতাৰ ওপৰত বক্তৃত্য ৰাখে। এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, সঞ্চালকসকল, সহযোগী সঞ্চালকসকল, বিভাগীয় মুৰব্বীসকল আৰু গৱেষক বিজ্ঞানী তথা শিক্ষাৰ্থী উপস্থিত থাকে। উল্লেখ্য যে ৰাষ্ট্ৰীয় কৃষি উচ্চ শিক্ষা প্ৰকল্প(নাহেপ)ৰ অৰ্থসাহায্যৰে অনুষ্ঠিত দুদিনীয়া কনক্লেভত কৃষিৰ শেহতীয়া ধাৰা, ব্যৱসায়িক সম্ভাৱনীয়তা, কৃষি ষ্টাৰ্ট আপৰ গঠন তথা উৎকৰ্ষ সাধন, কৃষিৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ নিয়োজনৰ সম্ভাৱনীয়তা, ডিজিটেল এগ্ৰিকালচাৰ আদি দিশ সামৰি চাৰিখন বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। লগতে কুইজ আৰু পোষ্টাৰ বনোৱা প্ৰতিযোগিতা তথা কৃষি উদ্যোগীৰে মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হ’ব।

Leave a Comment
Your email address will not be published. Required fields are marked with *