728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

চন্দ্ৰত অৱতৰণক লৈ প্ৰতিযোগিতাৰ দৌৰত চন্দ্ৰযান-৩ আৰু লুনা-২৫! কোনে ৰচিব ইতিহাস?

চন্দ্ৰত অৱতৰণক লৈ প্ৰতিযোগিতাৰ দৌৰত চন্দ্ৰযান-৩ আৰু লুনা-২৫! কোনে ৰচিব ইতিহাস?

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই প্ৰেৰণ কৰা চন্দ্ৰযান-৩ ইতিমধ্যে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছে। ১১ আগষ্টত ৰাছিয়াইও চন্দ্ৰলৈ নিজৰ লুনা-২৫ অভিযান আৰম্ভ কৰিছে। ৰাছিয়াৰ লুনা-২৫ আৰু চন্দ্ৰযান-৩ চন্দ্ৰৰ একেটা দক্ষিণ মেৰুতে অৱতৰণ কৰিব, য’ত লাখ লাখ বছৰ ধৰি সূৰ্যৰ পোহৰ পোৱা নাই আৰু আজিলৈকে পৃথিৱীৰ কোনো দেশেই এই অংশত অভিযান চলোৱা নাই। এনে পৰিস্থিতিত

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই প্ৰেৰণ কৰা চন্দ্ৰযান-৩ ইতিমধ্যে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছে। ১১ আগষ্টত ৰাছিয়াইও চন্দ্ৰলৈ নিজৰ লুনা-২৫ অভিযান আৰম্ভ কৰিছে। ৰাছিয়াৰ লুনা-২৫ আৰু চন্দ্ৰযান-৩ চন্দ্ৰৰ একেটা দক্ষিণ মেৰুতে অৱতৰণ কৰিব, য’ত লাখ লাখ বছৰ ধৰি সূৰ্যৰ পোহৰ পোৱা নাই আৰু আজিলৈকে পৃথিৱীৰ কোনো দেশেই এই অংশত অভিযান চলোৱা নাই। এনে পৰিস্থিতিত এই অভিযানৰ মুহূৰ্তটো অতি বিস্ময়কৰ হ’ব। অৱশ্যে চন্দ্ৰযান-৩ আৰু লুনা-২৫ৰ মাজত অৱতৰণৰ দূৰত্ব প্ৰায় ১২০ কিলোমিটাৰ হ’ব। দুয়োখন যানেই একেদিনাই চন্দ্ৰৰ উপৰিভাগত অৱতৰণ কৰাৰ দাবী কৰিছে।

ভাৰতৰ চন্দ্ৰযান-৩ চন্দ্ৰত উপনীত হ’বলৈ প্ৰায় ২৭ দিন সময় লগাৰ সময়তে ৰাছিয়াৰ লুনা-২৫ মাত্ৰ ১০ৰ পৰা ১১ দিনত চন্দ্ৰত অৱতৰণ কৰিব। লুনা-২৫ক এটা অতি শক্তিশালী ছ’য়ুজ ২.১ ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছে, যিয়ে পৃথিৱীৰ কক্ষপথক প্ৰদক্ষিণ নকৰাকৈ পোনপটীয়াকৈ চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিব। দুয়োখন মহাকাশযানেই চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব।

এনে পৰিস্থিতিত চন্দ্ৰযান-৩ আৰু লুনা-২৫ৰ কোনে প্ৰথমে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব এই লৈ সমগ্ৰ বিশ্বতে বিষয়টোৱে চৰ্চা লাভ কৰিছে। চন্দ্ৰ দক্ষিণ মেৰু এনে এটা অংশ, য’ত কোনো দেশৰ লেণ্ডাৰ আজিলৈকে উপনীত হোৱা নাই। এনে পৰিস্থিতিত চন্দ্ৰযান-৩ আৰু লুনা-২৫য়ে চন্দ্ৰত অৱতৰণ কৰাক লৈ প্ৰতিযোগিতাৰ দৌৰত নমা বুলি একাংশই মত প্ৰকাশ কৰা দেখা গৈছে। এই সন্দৰ্ভত ইছৰোৰ প্ৰাক্তন বিজ্ঞানী তপন মিশ্ৰই কয় যে আমাৰ চন্দ্ৰযান-৩ৰ লগত ৰাছিয়াৰ চন্দ্ৰযান অভিযানৰ কোনো মিল নাই। ইয়াক প্ৰতিদ্বন্দ্বিতা হিচাপে একেবাৰেই চাব নালাগে। কিয়নো বেছিভাগ বিজ্ঞানীয়ে লুনা-২৫তকৈ চন্দ্ৰযান-৩ অধিক মহত্ত্বপূৰ্ণ অভিযান বুলি বিশ্বাস কৰে।

চন্দ্ৰযান-৩ অভিযানৰ বিষয়ে বৰ্ণনা কৰি তপন মিশ্ৰই কয়, “ভাৰতৰ এই গুৰুত্বপূৰ্ণ অভিযানত মাত্ৰ ৬১৫ কোটি টকা খৰচ হৈছে, যিটো দেশৰ ভিতৰত এখন সৰু উৰণীয়া সেঁতু নিৰ্মাণৰ খৰচৰ সমান। ইমান কম পৰিমাণৰ ধনৰ ব্যয়ৰে আমাৰ মিছন চন্দ্ৰৰ সেই অংশলৈ ৰাওনা হৈছে, য’ত আজিলৈকে পৃথিৱীৰ কোনো দেশেই উপনীত হোৱা নাই। এনে পৰিস্থিতিত লুনা-২৫-এ চন্দ্ৰযান-৩ৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। তেওঁ কয় যে বিশ্বত দ্ৰুতগতিত আগবাঢ়ি যোৱা ভাৰতৰ বাবে চন্দ্ৰযান-৩য়ে নিৰ্ধাৰিত সময়ত চন্দ্ৰৰ সৰ্বনিম্ন কক্ষপথত উপনীত হোৱা মুহূৰ্তটো এক গৌৰৱৰ মুহূৰ্ত।

ৰাছিয়াৰ লুনা-২৫ অভিযান চন্দ্ৰযান-৩তকৈ বহুগুণ ব্যয়বহুলঃ

ইছৰোৰ প্ৰাক্তন বিজ্ঞানী তপন মিশ্ৰই কয় যে আমাৰ চন্দ্ৰযান যিটো ব্যয়ত চন্দ্ৰলৈ গৈছে সেয়া ৰাছিয়াৰ লুনা-২৫ৰ ব্যয়ত কৈ বহুগুণ কম। ইয়াৰ বাহিৰেও আমাৰ এই অভিযানটো মাত্ৰ তিনি বছৰৰ ভিতৰতে পৰিকল্পনা কৰা হৈছিল, আনহাতে ৰাছিয়াই ১৯৯০ চনৰ পৰাই নিজৰ লুনা-২৫ অভিযানৰ পৰিকল্পনা আৰু প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ইয়াৰ বাহিৰেও চন্দ্ৰযান-৩ৰ বাজেটতকৈ লুনা-২৫ৰ বাজেট বহুগুণ বেছি। লুনা ২৫ উৎক্ষেপণৰ বাবে কমেও ১৬ কোটি টকা ব্যয় কৰা হৈছে। সেইবাবেই আমাৰ চন্দ্ৰযান-৩ অভিযান লুনা-২৫তকৈ অধিক মহত্ত্বপূৰ্ণ আৰু ইয়ে দেশক গৌৰৱান্বিত কৰিব। প্ৰাক্তন বিজ্ঞানীগৰাকীয়ে মন্তব্য কৰে।

তেওঁ আৰু কয় যে এইবাৰ যি নিখুঁতভাৱে মিছনটো সম্পন্ন কৰা হৈছে। সেয়ে নিশ্চিতভাৱে চন্দ্ৰযান-৩য়ে এইবাৰ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। ইছোৰৰ বিজ্ঞানীসকলে দাবী কৰে যে তাত বৰফ আছে আৰু চন্দ্ৰযান-৩ৰ উদ্দেশ্য হৈছে তাত অক্সিজেন আৰু পানী বিচাৰি উলিওৱা। লুনা-২৫ৰ উদ্দেশ্যও একেটাই যদিও ৰাছিয়াই এই অভিযান চলাবলৈ ৪০ বছৰ সময় লয়। ৰাছিয়াই ৪৭ বছৰৰ পাছত চন্দ্ৰ অভিযান পুনৰ আৰম্ভ কৰাৰ বিপৰীতে ভাৰতে কেইবছৰমানৰ ভিতৰতে ইয়াক সম্ভৱ কৰি তুলিছে। সেইবাবেই চন্দ্ৰযান-৩ মিছন অধিক মহত্ত্বপূৰ্ণ বুলি ইছোৰৰ প্ৰাক্তন বিজ্ঞানী তপন মিশ্ৰই কয়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos