নিউজ ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত আজি প্ৰেছ ক্লাবৰ অতিথি শীৰ্ষক এটা নতুন অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই অংশগ্ৰহণ কৰে। জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈয়ে আঁত ধৰা এই অনুষ্ঠানত সাঁতোৰবিদগৰাকীয়ে অলপতে ইংলিছ চেনেল ইপাৰ-সিপাৰ সাঁতুৰি কৰা অভিলেখৰ অভিজ্ঞতাৰ লগতে তেওঁৰ বিভিন্ন ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে। উল্লেখ্য যে আঢ়ৈ বছৰ বয়সতে গুৱাহাটীৰ দীঘলীপুখুৰী
নিউজ ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত আজি প্ৰেছ ক্লাবৰ অতিথি শীৰ্ষক এটা নতুন অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই অংশগ্ৰহণ কৰে। জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈয়ে আঁত ধৰা এই অনুষ্ঠানত সাঁতোৰবিদগৰাকীয়ে অলপতে ইংলিছ চেনেল ইপাৰ-সিপাৰ সাঁতুৰি কৰা অভিলেখৰ অভিজ্ঞতাৰ লগতে তেওঁৰ বিভিন্ন ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে আঢ়ৈ বছৰ বয়সতে গুৱাহাটীৰ দীঘলীপুখুৰী সাঁতুৰি পাৰ হোৱা এলভিছে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত মুঠ ১৩৪ টা স্বর্ণপদক অর্জন কৰিছে। এই অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি-সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকলৰ লগতে কেবাগৰাকীও জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে। প্ৰেছ ক্লাবৰ কাৰ্যকৰী সমিতিয়ে আজিৰ অনুষ্ঠান সফল কৰি তোলাৰ বাবে সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভবিষ্যতেও এনে অনুষ্ঠানত সকলোৰে সহযোগিতা কামনা কৰে।



















Leave a Comment
Your email address will not be published. Required fields are marked with *