728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অনুসূচীত জাতিৰ ভুৱা প্ৰমাণ পত্ৰ বিতৰ্ক, চিআইডিৰ অনুসন্ধানৰ অন্ত ফলাফলহে শূণ্য

অনুসূচীত জাতিৰ ভুৱা প্ৰমাণ পত্ৰ বিতৰ্ক, চিআইডিৰ অনুসন্ধানৰ অন্ত ফলাফলহে শূণ্য

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ জুলাইঃ অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদে অনুসূচীত জাতি-জনজাতি লোকসকলৰ হকে বিভিন্ন সময়ত ভিন্ন সমস্যাৰাজী চৰকাৰৰ দৃষ্টি গোচৰ কৰি আহিছে । ইয়াৰ অংশস্বৰূপে ভুৱা আৰু জালিয়াতিৰে অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ লৈ চৰকাৰী চাকৰি কৰি থকা বহু কেইজনৰ বিৰুদ্ধে চি আই ডিৰ ওচৰত গোচৰ তৰিছিল সংগঠনটোয়ে ৷ নগাঁৱত শনিবাৰে এক সংবাদ মেল

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ জুলাইঃ অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদে অনুসূচীত জাতি-জনজাতি লোকসকলৰ হকে বিভিন্ন সময়ত ভিন্ন সমস্যাৰাজী চৰকাৰৰ দৃষ্টি গোচৰ কৰি আহিছে । ইয়াৰ অংশস্বৰূপে ভুৱা আৰু জালিয়াতিৰে অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ লৈ চৰকাৰী চাকৰি কৰি থকা বহু কেইজনৰ বিৰুদ্ধে চি আই ডিৰ ওচৰত গোচৰ তৰিছিল সংগঠনটোয়ে ৷ নগাঁৱত শনিবাৰে এক সংবাদ মেল যোগে এই কথা সদৰি কৰি সংগঠনটোৰ সভাপতি সঞ্জীৱ দাসে কয় যে, চি আই ডিয়ে অনুসন্ধান কৰি ভুৱা আৰু জালিয়াতিৰে চৰকাৰী বিভাগত মকৰল হৈ থকা ছয়জন বিষয়াৰ বিৰুদ্ধে তদন্ত শেষ কৰি বিভাগ সমূহক তেঁওলোকৰ জালিয়াতিৰ বিৰুদ্ধে ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে ৷ কিন্তু পৰিতাপৰ বিষয় যে আজি তিনিমাহে বিভাগ সমূহে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ভুৱা আৰু জালিয়াতিৰে চাকৰি কৰি থকা বিষয়াসকলৰ বিৰুদ্ধে ৷ লগতে সংৰক্ষিত পদৰ বিষয়া-কৰ্মচাৰীসকলৰ পদোন্নতিৰ ক্ষেত্ৰত পূৰ্বৰ জ্যেষ্ঠতাৰ ধাৰাবাহিকতাক চৰকাৰে কৰ্তন কৰা কাৰ্যই দেশৰ সংবিধান আৰু সংৰক্ষণ ব্যৱস্থা প্ৰকৃতাৰ্থত অৰ্থহীন হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰে অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদে ৷ ইফালে, সংবাদ মেলত মিছন ভূমিপুত্ৰ এপৰ জৰিয়তে মিত্ৰজোঁটৰ চৰকাৰে জাতি-জনগোষ্ঠীসমুহৰ লাভ বা সুবিধা হ’ব বুলি বিভিন্ন সভাই-সমিতিয়ে জয়গান গাই অহাৰ সময়তে মিছন ভূমিপুত্ৰ বাতিল কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৱে ৷ তেওঁলোকৰ দাবী মিছন ভূমিপুত্ৰ এপে অনুসূচীত জাতিৰ নিধন যজ্ঞ চলাইছে ৷ তদুপৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশানুসৰি ১২ বছৰতকৈ অধিক সময় ধৰি একে ডৰা মাটিৰ ভোগ দখল কৰি থকা অনুসূচীত জাতিৰ লোকক মাটিৰ ম্যাদি পট্টা প্ৰদান কৰাৰ দাবী জনায় পৰিষদে ৷ আনহাতে, সংগঠনটোৱে অনুসূচীত জাতিৰ নিবনুৱা যুৱক-যুৱতী সকলক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ বাবে কমেও পাঁচলাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰি শনিবাৰে নগাঁও আৱৰ্ত ভৱনত মন্ত্ৰী পীযুষ হাজৰীকাক স্মাৰক পত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰত স্বাক্ষৰ কৰে পৰিষদৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক লক্ষ্যজ্যোতি হাজৰিকাই । সংগঠনটোৱে স্মাৰক পত্ৰত উল্লেখ কৰা পাঁচদফীয়া দাবী তৎকালীনভাৱে বলৱৎ কৰিবলৈ মন্ত্ৰী হাজৰীকাক অনুৰোধ জনোৱাৰ লগতে ভুৱা আৰু জালিয়াতিৰে অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ লৈ চৰকাৰী বিভাগত কৰ্মৰত হৈ থকা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনাই।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos