728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নিউ জলপাইগুৰি-হাওড়া শতাব্দী এক্সপ্ৰেছ আৰু ৰাধিকাপুৰ-হাওড়া কুলিক এক্সপ্ৰেছত ভিষ্টাডোম ডবাৰ সংযোজন

নিউ জলপাইগুৰি-হাওড়া শতাব্দী এক্সপ্ৰেছ আৰু ৰাধিকাপুৰ-হাওড়া কুলিক এক্সপ্ৰেছত ভিষ্টাডোম ডবাৰ সংযোজন

নিউজ ডেস্ক, ২৯ জুনঃ উত্তৰ-পূব সীমান্ত ৰে’লৱেই এটা ভিষ্টাডোম ডবাৰ সংযোজনেৰে ৰে’ল নং ১২০৪২/১২০৪১ (নিউ জলপাইগুৰি– হাওড়া– নিউ জলপাইগুৰি) শতাব্দী এক্সপ্ৰেছ আৰু ৰে’ল নং ১৩০৫৪/১৩০৫৩(ৰাধিকাপুৰ – হাওড়া-ৰাধিকাপুৰ) কুলিক এক্সপ্ৰেছ ৰে’লৰ ক্ষমতা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ভিষ্টাডোম ডবা ০৩ জুলাইৰ পৰা ৩১ আগষ্ট, ২০২৩ লৈ বিদ্যমান ডবাবোৰৰ সৈতে অস্থায়ী ভিত্তিত ৰে’ল নং ১২০৪২/১২০৪১ (নিউ

নিউজ ডেস্ক, ২৯ জুনঃ উত্তৰ-পূব সীমান্ত ৰে’লৱেই এটা ভিষ্টাডোম ডবাৰ সংযোজনেৰে ৰে’ল নং ১২০৪২/১২০৪১ (নিউ জলপাইগুৰি– হাওড়া– নিউ জলপাইগুৰি) শতাব্দী এক্সপ্ৰেছ আৰু ৰে’ল নং ১৩০৫৪/১৩০৫৩(ৰাধিকাপুৰ – হাওড়া-ৰাধিকাপুৰ) কুলিক এক্সপ্ৰেছ ৰে’লৰ ক্ষমতা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ভিষ্টাডোম ডবা ০৩ জুলাইৰ পৰা ৩১ আগষ্ট, ২০২৩ লৈ বিদ্যমান ডবাবোৰৰ সৈতে অস্থায়ী ভিত্তিত ৰে’ল নং ১২০৪২/১২০৪১ (নিউ জলপাইগুৰি–হাওড়া–নিউ জলপাইগুৰি) শতাব্দী এক্সপ্ৰেছৰ সৈতে সংলগ্ন কৰা হ’ব। আনহাতে ৰে’ল নং ১৩০৫৪/১৩০৫৩ (ৰাধিকাপুৰ–হাওড়া-ৰাধিকাপুৰ) কুলিক এক্সপ্ৰেছত এই ভিষ্টাডোম ডবা ০৩ জুলাই, ২০২৩ তাৰিখে হাওড়াৰ পৰা আৰু ০৪ জুলাই, ২০২৩ তাৰিখে ৰাধিকাপুৰৰ পৰা বিদ্যমান ডবাবোৰৰ সৈতে স্থায়ীভাৱে সংলগ্ন কৰা হ’ব।


সেই অনুসৰি, ৰে’ল নং ১২০৪২/১২০৪১ (নিউ জলপাইগুৰি–হাওড়া–নিউ জলপাইগুৰি) শতাব্দী এক্সপ্ৰেছ বৰ্তমানৰ ১৪ টা ডবাৰ পৰিৱৰ্তে ১৫ টা ডবাৰ সৈতে সপ্তাহত ছয়দিন চলাচল কৰিব। ৰে’লখনত ২ টা এগজিকিউটিভ শ্ৰেণীৰ এচি চেয়াৰ কাৰ, ১০ খন এচি চেয়াৰ কাৰ আৰু ০১ টা ভিষ্টাডোম ডবা থাকিব।
লগতে, ৰে’ল নং ১৩০৫৪/১৩০৫৩ (ৰাধিকাপুৰ–হাওড়া-ৰাধিকাপুৰ) কুলিক এক্সপ্ৰেছ বৰ্তমানৰ ১৪ টা ডবাৰ পৰিৱৰ্তে ১৫ টা ডবাৰ সৈতে চলাচল কৰিব। ৰে’লখনত ১ টা এচি চেয়াৰ কাৰ, ০৯ টা জেনেৰেল চেয়াৰ কাৰ, ২ টা সাধাৰণ দ্বিতীয় শ্ৰেণী আৰু ০১ টা ভিষ্টাডোম ডবা থাকিব।
এই অত্যাধুনিক ভিষ্টাডোম ডবাৰ প্ৰৱৰ্তনৰ সৈতে, নিউ জলপাইগুৰি-হাওড়া আৰু ৰাধিকাপুৰ–হাওড়া পথত ভ্ৰমণ কৰা যাত্ৰীসকলে ৰে’লখনৰ খিৰিকী আৰু স্বচ্ছ ছাদৰ জৰিয়তে প্ৰকৃতিৰ মনোৰম দৃশ্য অনুভৱ কৰিবলৈ সক্ষম হ’ব। প্ৰতিটো ডবাত ৪৪ জন যাত্ৰী বহাৰ ক্ষমতা থকা ভিষ্টাডোম ডবাই যাত্ৰীসকলক এক বৰ্ধিত ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিব আৰু ইয়াত ডাঙৰ কাঁচৰ খিৰিকী, কাঁচৰ ছাদ, ঘূৰ্ণায়মান আসন, আৰু এটা পৰ্যৱেক্ষণ লাউঞ্জ অন্তৰ্ভুক্ত থাকিব, যাতে যাত্ৰীসকলে বিমুগ্ধকৰ প্ৰাকৃতিক দৃশ্যাৱলী প্ৰত্যক্ষ কৰিব পাৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos