নিউজ ডেস্ক,২৬ জুনঃ ৩০ জুনলৈ ৰাজ্যখনত ইন্টাৰনেট নিষেধাজ্ঞা কৰাৰ নিৰ্দেশ জাৰি প্ৰশাসনৰ। মণিপুৰ প্ৰশাসনে পুনৰ বৃদ্ধি কৰিলে ইন্টাৰনেট নিষেধাজ্ঞাৰ সময়সীমা। জাতিগত সংঘৰ্ষই এমাহ অতিক্ৰম কৰিলে মণিপুৰত। মণিপুৰত সৃষ্টি হোৱাৰ হিংসাৰ ওপৰত লক্ষ্য ৰাখি ৩ মে’ৰ পৰা ৰাজ্যখনত মোবাইল ইণ্টাৰনেট সেৱা স্থগিত আছে। চৰকাৰে ১১ জুনৰ পৰা ১৫ জুনলৈ আৰু তাৰ পিছত পুনৰ পাঁচ দিনৰ বাবে
নিউজ ডেস্ক,২৬ জুনঃ ৩০ জুনলৈ ৰাজ্যখনত ইন্টাৰনেট নিষেধাজ্ঞা কৰাৰ নিৰ্দেশ জাৰি প্ৰশাসনৰ। মণিপুৰ প্ৰশাসনে পুনৰ বৃদ্ধি কৰিলে ইন্টাৰনেট নিষেধাজ্ঞাৰ সময়সীমা। জাতিগত সংঘৰ্ষই এমাহ অতিক্ৰম কৰিলে মণিপুৰত। মণিপুৰত সৃষ্টি হোৱাৰ হিংসাৰ ওপৰত লক্ষ্য ৰাখি ৩ মে’ৰ পৰা ৰাজ্যখনত মোবাইল ইণ্টাৰনেট সেৱা স্থগিত আছে। চৰকাৰে ১১ জুনৰ পৰা ১৫ জুনলৈ আৰু তাৰ পিছত পুনৰ পাঁচ দিনৰ বাবে ২০ জুনৰ পৰা ২৫ জুনলৈ নিষেধাজ্ঞা বৃদ্ধি কৰিছিল। ইয়াৰ পাছতে আজি পুনৰ ৫ দিনৰ বাবে বৃদ্ধি কৰে সময়সীমা।মণিপুৰ চৰকাৰে শান্তি আৰু ৰাজহুৱা শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো বিভ্ৰান্তি প্ৰতিহত কৰিবলৈ ৰাজ্যখনত ইণ্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে। কিছুমান অসামাজিক ফটো আৰু ভিডিঅ’ বাৰ্তা প্ৰচাৰৰ বাবে সামাজিক মাধ্যমৰ ব্যাপক ব্যৱহাৰ কৰিব পাৰে বুলি আশংকা কৰিয়েই ইণ্টাৰনেট সেৱা স্থগিত ৰাখিছে। অনুসূচীত জনজাতিৰ তালিকাত মেইটাইছক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদত অল ট্ৰাইবেলছ ষ্টুডেণ্টছ ইউনিয়নে আয়োজিত এক সমদলৰ সময়ত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পিছত ৩ মে’ত মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।
Leave a Comment
Your email address will not be published. Required fields are marked with *