728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বৈদ্যুতিক বিমানত উঠিব সাজু হওক আপুনি..

বৈদ্যুতিক বিমানত উঠিব সাজু হওক আপুনি..

নিউজ ডেস্ক,২৫ জুনঃ বৈদ্যুতিক বিমানত উঠিব সাজু হওক আপুনি। এইবাৰ আকাশমাৰ্গত চলিব প্ৰথমখন যাত্ৰীবাহী বৈদ্যুতিক বিমান। ইজৰাইলৰ প্ৰতিষ্ঠিত কোম্পানী ইভিয়েচন এয়াৰক্ৰাফ্টে জনাই এই খবৰ। বৈদ্যুতিক গাড়ী বা মোবাইল ফোনৰ দৰে বেটাৰী প্ৰযুক্তি আৰু ৩০ মিনিটৰ চাৰ্জিঙেৰে চলিব বিমাখন। ৯ জন যাত্ৰীৰে এক ঘণ্টাৰ পৰা দুই ঘণ্টাৰ বাবে উৰা মাৰিব পাৰিব। বেটাৰী প্ৰযুক্তিৰ ওপৰত আধাৰিত কৰিয়েই

নিউজ ডেস্ক,২৫ জুনঃ বৈদ্যুতিক বিমানত উঠিব সাজু হওক আপুনি। এইবাৰ আকাশমাৰ্গত চলিব প্ৰথমখন যাত্ৰীবাহী বৈদ্যুতিক বিমান। ইজৰাইলৰ প্ৰতিষ্ঠিত কোম্পানী ইভিয়েচন এয়াৰক্ৰাফ্টে জনাই এই খবৰ। বৈদ্যুতিক গাড়ী বা মোবাইল ফোনৰ দৰে বেটাৰী প্ৰযুক্তি আৰু ৩০ মিনিটৰ চাৰ্জিঙেৰে চলিব বিমাখন। ৯ জন যাত্ৰীৰে এক ঘণ্টাৰ পৰা দুই ঘণ্টাৰ বাবে উৰা মাৰিব পাৰিব। বেটাৰী প্ৰযুক্তিৰ ওপৰত আধাৰিত কৰিয়েই নিৰ্মাণ কৰা হৈছে বিমানখন। শূন্য-নিৰ্গমন বিমানখনে ইয়াৰ আঠ মিনিটৰ উদ্বোধনী উৰণৰ বাবে ৩,৫০০ ফুট উচ্চতাত ভ্ৰমণ কৰিছিল। ইভিয়েচনৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া গ্ৰেগৰী ডেভিছে চিএনএন বিজনেছক কয়, “এয়া ইতিহাস।” ২০২৩ চনৰ শেষৰ ফালে উৰা মাৰিব পাৰিব আপুনি।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos