নিউজ ডেস্ক,২৩ জুনঃ হোৱাইট হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজ আতিথ্য। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে আয়োজন কৰা ৰাজ্যিক নৈশভোজন প্ৰধানমন্ত্ৰীৰ। ৰাজ্যিক নৈশভোজত উপস্থিত থাকে উদ্যোগপতি মুকেশ আম্বানী আৰু আনন্দ মহিন্দ্ৰা।আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ শেষৰ দিনটোত জো বিডেন আৰু ফাৰ্ষ্ট লেডী জিল বিডেনৰ নিমন্ত্ৰণ ৰক্ষা কৰি একেলগে আহাৰ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জো বিডেন আৰু ফাৰ্ষ্ট
নিউজ ডেস্ক,২৩ জুনঃ হোৱাইট হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজ আতিথ্য। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে আয়োজন কৰা ৰাজ্যিক নৈশভোজন প্ৰধানমন্ত্ৰীৰ। ৰাজ্যিক নৈশভোজত উপস্থিত থাকে উদ্যোগপতি মুকেশ আম্বানী আৰু আনন্দ মহিন্দ্ৰা।আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ শেষৰ দিনটোত জো বিডেন আৰু ফাৰ্ষ্ট লেডী জিল বিডেনৰ নিমন্ত্ৰণ ৰক্ষা কৰি একেলগে আহাৰ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জো বিডেন আৰু ফাৰ্ষ্ট লেডী জিল বিডেনৰ দ্বাৰা হোৱাইট হাউচত আয়োজিত নৈশ ভোজৰ বাবে ৪০০ তকৈও অধিক অতিথি উপস্থিত থাকে। ৰাজ্যিক নৈশভোজনৰ ৰান্ধনি নীনা কাৰ্টিছে উৎসাহেৰে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰে। ভ্ৰমণকাৰী প্ৰধানমন্ত্ৰীৰ আহাৰৰ সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি বেছিভাগ নিৰামিষ খাদ্য প্ৰস্তুত কৰে। খাদ্য সামগ্ৰী সমূহৰ ভিতৰত দৈৰ চছ, কেক, গ্ৰীষ্মকালীন স্কোয়াছ, গ্ৰিল কৰা কৰ্ণ চালাড,তৰমুজ, টেঙা আভাকাডো চছ, কাঠফুলা, ক্ৰীমি কেশৰ-ইনফিউজড ৰিচটো, গোলাপ আৰু ইলাচী-ইনফিউজড ষ্ট্ৰবেৰী শ্বৰ্টকেক। নৈশ ভোজত বিডেন পৰিয়ালৰ সদস্যসকলৰ ভিতৰত আছিল হাণ্টাৰ বিডেন, এছলে বিডেন, জেমছ বিডেন আৰু নাওমি বিডেন নীল। প্ৰধানমন্ত্ৰী মোডীৰ নৈশ ভোজনত উপস্থিত থাকে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ।
Leave a Comment
Your email address will not be published. Required fields are marked with *