নিউজ ডেস্ক,২২ জুনঃ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীয়ে সলনি কৰিব লিংগ। ছাৰ্জাৰীৰ জৰিয়তে মহিলাৰ পৰা হ’ব পুৰুষ। ঘোষণা কৰিলে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্যৰ কন্যা সুচেতনা ভট্টাচাৰ্যই । অস্ত্ৰোপচাৰৰ আগতে আইনী পদক্ষেপ লব আৰম্ভ কৰিছে সুচেতনা ভট্টাচাৰ্যই । শেহতীয়াকৈ LGBTQ কৰ্মশালাত অংশগ্ৰহণ কৰি জনাই সুচেতনাই। তাই নিজকে এজন “ট্ৰেন্সমেন” বুলিও ঘোষণা কৰিছে আৰু তাইৰ অস্ত্ৰোপচাৰৰ পিছত
নিউজ ডেস্ক,২২ জুনঃ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীয়ে সলনি কৰিব লিংগ। ছাৰ্জাৰীৰ জৰিয়তে মহিলাৰ পৰা হ’ব পুৰুষ। ঘোষণা কৰিলে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্যৰ কন্যা সুচেতনা ভট্টাচাৰ্যই । অস্ত্ৰোপচাৰৰ আগতে আইনী পদক্ষেপ লব আৰম্ভ কৰিছে সুচেতনা ভট্টাচাৰ্যই । শেহতীয়াকৈ LGBTQ কৰ্মশালাত অংশগ্ৰহণ কৰি জনাই সুচেতনাই। তাই নিজকে এজন “ট্ৰেন্সমেন” বুলিও ঘোষণা কৰিছে আৰু তাইৰ অস্ত্ৰোপচাৰৰ পিছত ‘সুচেতন’ নাম হব বুলি জনাইছে। LGBTQ কৰ্মী সুপ্ৰভা ৰয়ৰ এক সামাজিক মাধ্যমৰ পোষ্টৰ পিছত বিষয়টোৱে চৰ্চ্চা লাভ কৰিছে। সুচেতনাই কয় যে তেঁও এগৰাকী প্ৰাপ্ত বয়স্ক আৰু প্ৰাপ্তবয়স্ক ব্যক্তি হিচাপে ৪১ বছৰ বয়সত এই সিদ্ধান্ত নিজেই লৈছে। লগতে সুচেতনাই উল্লেখ কৰে মা-দেউতাকক এই প্ৰসংগলৈ যাতে কোনেও টানি নানে। সুচেতনাই নিজক মানসিকভাৱে পুৰুষ বুলি ভাবে সেয়ে শাৰীৰিকভাৱে পুৰুষ হব বিচাৰিছে।
Leave a Comment
Your email address will not be published. Required fields are marked with *