নিউজ ডেস্ক, ২১ জুনঃ পুনেত সংঘটিত হৈছে ভয়ানক হত্যাকাণ্ডৰ ঘটনা। ডাঃ দিভেকাৰে আত্মহত্যা কৰাৰ পূৰ্বে পত্নী আৰু দুই সন্তানক হত্যা। পুনে জিলাৰ দৌণ্ড তহচিলত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনাটো। ৪২ বছৰীয়া অতুল দিভেকাৰ তেওঁৰ পত্নী আৰু দুই সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাথমিক তথ্য অনুসৰি ডাঃ দিভেকাৰে প্ৰথমে তেওঁৰ পত্নীক ঘৰত হানি খুচি হত্যা কৰি
নিউজ ডেস্ক, ২১ জুনঃ পুনেত সংঘটিত হৈছে ভয়ানক হত্যাকাণ্ডৰ ঘটনা। ডাঃ দিভেকাৰে আত্মহত্যা কৰাৰ পূৰ্বে পত্নী আৰু দুই সন্তানক হত্যা। পুনে জিলাৰ দৌণ্ড তহচিলত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনাটো। ৪২ বছৰীয়া অতুল দিভেকাৰ তেওঁৰ পত্নী আৰু দুই সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাথমিক তথ্য অনুসৰি ডাঃ দিভেকাৰে প্ৰথমে তেওঁৰ পত্নীক ঘৰত হানি খুচি হত্যা কৰি পেলাই দিছিল ঘৰৰ ওচৰৰ এটা কুঁৱাত।স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰাৰ পিছতে উপস্থিত হয় আৰক্ষী বিষয়া। দুই সন্তানকো বিষ খোৱাই হত্যা ডাঃ দিভেকাৰৰ। ইতিমধ্যে আৰক্ষীয়ে পল্লৱী দিভেকাৰ (৩৯) আৰু তেওঁলোকৰ সন্তান অদ্বৈত (৯) আৰু বেদান্তী (৬) বুলি চিনাক্ত কৰিছে। পিছত ডাঃ দিভেকাৰে ঘৰলৈ উভতি আহি নিজে আত্মহত্যা কৰে বুলি জনাই আৰক্ষীয়ে। ডাঃ দিভেকাৰৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। ডাঃ দিভেকাৰৰ এটা চুইচাইড নোটত লিখা আছিল পত্নীৰ ‘অত্যাচাৰ’ৰ বাবেই এনে হত্যাকাণ্ড সংঘটিত কৰে।
Leave a Comment
Your email address will not be published. Required fields are marked with *