728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

”মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন জাগেনে?”

”মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন জাগেনে?”

নিউজ ডেস্ক,২০ জুনঃ ”মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন জাগেনে?” আজি বিষ্ণু প্ৰসাদ ৰাভা দিৱস। অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তি যুঁজাৰু আছিল বিষ্ণু প্ৰসাদ ৰাভা। ১৯০৯ চনৰ ৩১ জানুৱাৰীত বেংগল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ)ৰ ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ

নিউজ ডেস্ক,২০ জুনঃ ”মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন জাগেনে?” আজি বিষ্ণু প্ৰসাদ ৰাভা দিৱস। অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তি যুঁজাৰু আছিল বিষ্ণু প্ৰসাদ ৰাভা। ১৯০৯ চনৰ ৩১ জানুৱাৰীত বেংগল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ)ৰ ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথীবালা ৰাভা। কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে ৰাভা কলিকতালৈ যায় আৰু ১৯২৮ চনত তেওঁ চেণ্টপল’ কলেজৰ পৰা প্ৰথম বিভাগত আই এছ ছি পাছ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনত সহযোগ কৰাৰ অপৰাধত তেওঁক চেণ্টপল’কলেজৰ পৰা বহিষ্কাৰ কৰা হয়।পাছত ৰিপন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক শিক্ষা আৰম্ভ কৰে। ১৯২৯ চনত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত কলেজৰ ছাত্ৰাবাসত পুলিচৰ নিৰ্যাতন আৰম্ভ হোৱাত ৰাভাই কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ বৰ্তমানৰ আচাৰ্য ব্ৰজেন্দ্ৰ নাথ শীল কলেজত নাম লগায়।পঢ়ি থকা কালত তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে আৰু আৰ চি পি আই বা ভাৰতৰ বিপ্লবী সাম্যবাদী দলত যোগ দিয়ে। কোচ বিহাৰতো তেখেত স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে। ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত ‘বাঁহী’ আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু ‘আৱাহন’ আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। ৰাভাই বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে। ৰাভাৰ দ্বাৰা ৰচিত মুঠ ১৩৭টা গীত ‘বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ’ত সন্নিবিষ্ট হৈছে। বিষ্ণু ৰাভা এগৰাকী নিপুন চিত্ৰকৰ আছিল। তেওঁ বৰপেটাৰ শ্ৰীমন্ত শংকৰদেৱৰ আৰু শংকৰ-মাধৱৰ যুগল ছবি আঁকি তিনিটা ৰঙত ছপাই ৰাইজৰ মাজত বিতৰণ কৰিছিল। বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৭ চনৰ ২৪ নবেম্বৰত যোৰহাটৰ সুগায়িকা প্ৰিয়লতা দত্তৰ লগত বিবাহপাশত আবদ্ধ হয় যদিও মাত্ৰ ২৮ দিন সংসাৰ পতাৰ পিছতে ১৯৩৭ চনৰ ২২ ডিচেম্বৰত প্ৰিয়লতা দত্তৰ মৃত্যু হয়। তাৰপিছতেই বিষ্ণু প্ৰসাদ ৰাভা নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে। অৱশ্যে নিৰুপমা দেৱীৰ লগত বিষ্ণু ৰাভাই আনুষ্ঠানিকভাৱে বিবাহত বহা নাছিল। ১৯৫০ চনত বিষ্ণু ৰাভাই নলবাৰীৰ বেলশৰৰ নবীনচন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক বিবাহ কৰাই। কনকলতা মেধিৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা (থুন্ থুন্) আৰু হেমৰাজ ৰাভা (মুন্ মুন্)ৰ পিতৃ হয়।১৯৬২ চনৰ ৪ জানুৱাৰীত ৰাভাৰ পত্নী কনকলতাৰ অসম মেডিকেল কলেজত দুৰাৰোগ্য ৰোগত মৃত্যু হয়। ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত তেজপুৰত ৰাভাদেৱে মৃত্যুক সাবটি লয়। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি তেখেতৰ মৃত্যু হয়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos