নিউজ ডেস্ক,১৪ জুনঃ ভয়ংকৰ নাও দুৰ্ঘটনা। নাইজেৰিয়াত সংঘটিত হৈছে নাও দুৰ্ঘটনাৰ ঘটনা। দুৰ্ঘটনাত মৃত্যু ১০০ তকৈ অধিক যাত্ৰীৰ। দুৰ্ঘটনাগ্ৰস্ত নাওখনত আছিল প্ৰায় ৩০০ যাত্ৰী। এখন বিবাহৰ অতিথি আছিল নাওখনত। উত্তৰ নাইজেৰিয়াৰ পৰা এখন বিয়া খাই আহোতে সংঘটিত হয় দুৰ্ঘটনাটি। বৰষুণৰ ফলত ৰাস্তাত বানপানী হোৱাৰ পিছত স্থানীয়ভাৱে নিৰ্মিত নাওখনত যাব লগা হৈছিল মৃত যাত্ৰীসকল। ইতিমধ্যে আৰক্ষীয়ে
নিউজ ডেস্ক,১৪ জুনঃ ভয়ংকৰ নাও দুৰ্ঘটনা। নাইজেৰিয়াত সংঘটিত হৈছে নাও দুৰ্ঘটনাৰ ঘটনা। দুৰ্ঘটনাত মৃত্যু ১০০ তকৈ অধিক যাত্ৰীৰ। দুৰ্ঘটনাগ্ৰস্ত নাওখনত আছিল প্ৰায় ৩০০ যাত্ৰী। এখন বিবাহৰ অতিথি আছিল নাওখনত। উত্তৰ নাইজেৰিয়াৰ পৰা এখন বিয়া খাই আহোতে সংঘটিত হয় দুৰ্ঘটনাটি। বৰষুণৰ ফলত ৰাস্তাত বানপানী হোৱাৰ পিছত স্থানীয়ভাৱে নিৰ্মিত নাওখনত যাব লগা হৈছিল মৃত যাত্ৰীসকল। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰে উদ্ধাৰ অভিযান। আৰক্ষীৰ তথ্য অনুসৰি ১০০ ৰো অধিক লোক উদ্ধাৰ কৰিছে। অভাৰলোডিঙৰ ফলতেই নাও দুৰ্ঘটনাতো সংঘটিত হোৱা বুলি জনাই জলপথ কৰ্তৃপক্ষই।
Leave a Comment
Your email address will not be published. Required fields are marked with *