নিউজ ডেস্ক, ৪ জুনঃ অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজি অনুষ্ঠিত হয় ৰাজ্যিক পৰ্যায়ৰ ৪৪ সংখ্যক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ। ৰাজ্যৰ ২৫খন জিলাৰ ছিনিয়ৰ পৰ্যায়ৰ পুৰুষ-মহিলা উভয়ৰে মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত ১৫০তকৈ অধিক এথলীটে অংশগ্ৰহণ কৰে। পুৱা ১০০০০মিটাৰ দৌৰেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব গীতাৰ্থ
নিউজ ডেস্ক, ৪ জুনঃ অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজি অনুষ্ঠিত হয় ৰাজ্যিক পৰ্যায়ৰ ৪৪ সংখ্যক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ। ৰাজ্যৰ ২৫খন জিলাৰ ছিনিয়ৰ পৰ্যায়ৰ পুৰুষ-মহিলা উভয়ৰে মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত ১৫০তকৈ অধিক এথলীটে অংশগ্ৰহণ কৰে। পুৱা ১০০০০মিটাৰ দৌৰেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে।

প্ৰতিযোগিতত ভিন্ন ইভেণ্টৰ বিজয়ী প্ৰতিযোগীসকলক উদ্বোধনী অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে পদকসমূহ প্ৰদান কৰে। উদ্বোধক গীতাৰ্থ গোস্বামীৰ লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আদৰণি ভাষণ আগবঢ়ায় অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে। আনহাতে, প্ৰতিযোগিতাখনত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে গুৱাহাটীয়ে শ্ৰেষ্ঠ দল আৰু এন এফ ৰে’লৱে দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰাৰ লগতে পুৰুষ শাখাত মাধুৰ্য শইকীয়াই আৰু মহিলা শাখাত দীক্ষা চেত্ৰীয়ে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। আজিৰ এই বিশেষ অনুষ্ঠানত মুখ্য অতিথিৰ লগতে উপস্থিত থাকে অসম এথলেটিকছ সন্থাৰ সম্পাদক অশোক ভৰালী, প্ৰাক্তন এথলীট তৈবুনিছা আৰু অসম এথলেটিকছ সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি ঋতুবৰণ শৰ্মাৰ লগতে অসম এথলেটিকছ সন্থাৰ বিষয়-ববীয়াসকল।



















Leave a Comment
Your email address will not be published. Required fields are marked with *