নিউজ ডেস্ক, ৩ জুনঃ বিশ্ব চাইকেল দিৱস উপলক্ষে কটন চাইক্লিং কমিউনিটি, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা (চি ইউ এছ ইউ) আৰু কটন বিশ্ববিদ্যালয়ৰ এন এছ এছ ইউনিটৰ যৌথ উদ্যোগত আৰু গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ সহযোগত আয়োজিত চাইকেল ৰেলীৰ আজি ফ্লেগ অফ কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই। পুৱা ৬ বজাত কটন বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা
নিউজ ডেস্ক, ৩ জুনঃ বিশ্ব চাইকেল দিৱস উপলক্ষে কটন চাইক্লিং কমিউনিটি, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা (চি ইউ এছ ইউ) আৰু কটন বিশ্ববিদ্যালয়ৰ এন এছ এছ ইউনিটৰ যৌথ উদ্যোগত আৰু গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ সহযোগত আয়োজিত চাইকেল ৰেলীৰ আজি ফ্লেগ অফ কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই। পুৱা ৬ বজাত কটন বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই ৰেলীত মানুহক কেৱল ফিটনেছৰ বাবেই নহয়, দৈনিক যাতায়াতৰ বাবেও চাইকেল চলোৱাৰ বাবে উৎসাহিত কৰে উপাচাৰ্যগৰাকীয়ে। লগতে তেওঁ কয় চাইকেল চলোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত আৱশ্যক আৰু পৰিৱেশৰ বাবেও দৰকাৰী। মই চাইকেল চলোৱাৰ প্ৰচাৰ কৰো। যিসকল লোকে পাৰে, তেওঁলোকে চাইকেলৰ দ্বাৰাই কলেজ, স্কুল বা কাৰ্যালয়লৈ যাব লাগে আৰু সেউজ বিপ্লৱৰ দিশত অৰিহণা যোগাব লাগে।
এই ৰেলীত উপাচাৰ্যগৰাকীৰ লগতে ছাত্ৰ কল্যাণ সঞ্চালক ড° প্ৰশান্ত শৰ্মা, জ্যেষ্ঠ অধ্যাপক ড° হীৰেণ ডেকা বিশ্ববিদ্যালয় ক্ৰীড়া বিষয়া ড° কুলেন দাস, এন এছ এছৰ স্বেচ্ছাসেৱক আৰু ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় ৫০ গৰাকী অংশগ্ৰহণকাৰীয়ে ৰেলীত ভাগ লয়। কটন বিশ্ববিদ্যালয়ৰ পৰা চানমাৰি উৰণীয়া সেতুলৈ আৰম্ভ হোৱা এই ৰেলী দীঘলীপুখুৰী আৰু ৰিজাৰ্ভ বেংক হৈ কটন বিশ্ববিদ্যালয়লৈ উভতি আহে। উল্লেখ্য যে কটন বিশ্ববিদ্যালয়ে দ্বিতীয় বাৰৰ বাবে এই ৰেলীৰ আয়োজন কৰে।
Leave a Comment
Your email address will not be published. Required fields are marked with *