728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষি পৰ্যালোচনা সভা, দেশৰ চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গৱেষক বিজ্ঞানীৰ অংশগ্ৰহণ

অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষি পৰ্যালোচনা সভা, দেশৰ চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গৱেষক বিজ্ঞানীৰ অংশগ্ৰহণ

যোৰহাট, ৩ জুনঃ ভাৰতৰ লগতে সমগ্ৰ এছিয়ান, আফ্ৰিকান আৰু লেটিন আমেৰিকাৰ দেশসমূহৰ ৩০খনতকৈও অধিক দেশত কৃষিক্ষেত্ৰৰ সামগ্ৰিক পৰিবৰ্তনৰ বাবে চেণ্টাৰ ফৰ এগ্রিকালচাৰ এণ্ড বায়’ছায়েন্স ইণ্টাৰনেশ্যনেল(কেবি)য়ে গ্ৰহণ কৰা কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্যোগভিত্তিক পৰ্যালোচনা সভাখন আজি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়। কেবিৰ নেতৃত্বত চলি থকা এক বিশ্বব্যাপী কাৰ্যসূচীৰ অংশ হিচাপে কৃষিক্ষেত্ৰত কীট-পতংগৰ ব্যৱস্থাপনা, কৃষকৰ পৰামৰ্শ আৰু

যোৰহাট, ৩ জুনঃ ভাৰতৰ লগতে সমগ্ৰ এছিয়ান, আফ্ৰিকান আৰু লেটিন আমেৰিকাৰ দেশসমূহৰ ৩০খনতকৈও অধিক দেশত কৃষিক্ষেত্ৰৰ সামগ্ৰিক পৰিবৰ্তনৰ বাবে চেণ্টাৰ ফৰ এগ্রিকালচাৰ এণ্ড বায়’ছায়েন্স ইণ্টাৰনেশ্যনেল(কেবি)য়ে গ্ৰহণ কৰা কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্যোগভিত্তিক পৰ্যালোচনা সভাখন আজি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়। কেবিৰ নেতৃত্বত চলি থকা এক বিশ্বব্যাপী কাৰ্যসূচীৰ অংশ হিচাপে কৃষিক্ষেত্ৰত কীট-পতংগৰ ব্যৱস্থাপনা, কৃষকৰ পৰামৰ্শ আৰু কীটনাশকৰ বিপদ হ্ৰাসৰ ওপৰত ইয়াত গুৰুত্বপূৰ্ণ পৰ্যালোচনা কৰা হয়। জম্মু-কাশ্মীৰ আৰু পণ্ডিচেৰী কেন্দ্ৰীয় শাসিত অঞ্চল, তামিলনাডু, কেৰালা, উৰিষ্যা আৰু অসমৰ কাৰ্যসূচী ৰূপায়ণ কৰা গৱেষক, বিজ্ঞানী, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ বিষয়াই এই পৰ্যালোচনাত অংশগ্ৰহণ কৰে। অসম কৃষি বিশ্ববিদ্যালয় কৃষি গৱেষণা সঞ্চালকৰ সভাগৃহত আয়োজিত এই পৰ্যালোচনা সভাৰ উদ্ধোধনী অনুষ্ঠানত বক্তব্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক (ভাৰপ্ৰাপ্ত) ড০ মৃণাল শইকীয়াই কয় যে কৃষকৰ আগ্ৰহৰ ওপৰতেই কৃষিৰ সামগ্ৰিক পৰিবৰ্তন নিৰ্ভৰশীল। সেয়ে অধিক দ্ৰুত আৰু তাৎক্ষণিক ভাবে কৃষিক্ষেত্ৰত ব্যৱহৃত কাৰিকৰী কৌশল কৃষকৰ কাষত উপলব্ধ কৰোৱাটো অতি গুৰুত্বপূৰ্ণ। কৌশলগতভাবে পদক্ষেপ গ্ৰহণেৰে আগবাঢ়িব পাৰিলেই শেহতীয়া কাৰিকৰী কৌশলৰ প্ৰতি কৃষকৰ আগ্ৰহ বৃদ্ধি পায় আৰু কৃষিক্ষেত্ৰক অধিক সমৃদ্ধ কৰিব পৰা যায়। আয়োজক কেবি ৰ ড০ বিনোদ পণ্ডিতে আদৰণি ভাষন আগবঢ়োৱা সভাখনত অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ প্ৰসন্ন কুমাৰ পাঠকে কয় যে, কৃষিক্ষেত্ৰৰ ধাৰণা আৰু তথ্য সমূহ অধিক সংখ্যক লোকে পোৱাৰ লগতে অধিক সম্ভাৱনীয়তাৰে গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত কাম কৰাটো সময়ৰ আহ্বান। সৰু সৰু আৰু ক্ষুদ্ৰ ধাৰণাসমূহৰ জৰিয়তে কৃষকক আগবঢ়াই নিবলৈ অধিক শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে দক্ষতা বৃদ্ধি কৰিব লাগিব। ড০ পৰিন্দা বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী ড০ সঞ্জয় কুমাৰ চেতিয়াই বক্তব্যত কেবিয়ে অসমৰ কৃষিক্ষেত্ৰত আগবঢ়োৱা অৱদান আৰু প্লেন্ট ডক্টৰৰ জৰিয়তে খেতি আৰু খেতিয়কৰ সমস্যা সমাধানত আগবঢ়োৱা ভূমিকা বিষয়ে প্ৰকাশ কৰে। কেবি (নতুন দিল্লী), এম এছ স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেচন, চেন্নাই আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত আয়োজিত পৰ্যালোচনা সভাখনত উপস্থাপকসকলে কাৰ্যসূচীৰ কাৰ্য্যকলাপৰ ওপৰত শেহতীয়া অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা আগবঢ়াই ভৱিষ্যতৰ কাৰ্যকলাপৰ বাবে পৰিকল্পনাৰ পৰামৰ্শ দিয়ে য’ত উদ্ভিদ ক্লিনিকৰ পৰিচালনা, কীট-পতংগ আৰু ৰোগৰ তথ্য ব্যৱস্থাপনাৰ বিষয়ে বিশেষভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হয়। উদ্বোধনী অনুষ্ঠানটোত এম এছ স্বামীনাথন ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ পম্পী দত্ত, ড০ আৰ ৰাজকুমাৰ, আৰু কেবিৰ ড০ মালৱিকা চৌধুৰী, ড০ মঞ্জু ঠাকুৰ আৰু যোৰহাট জিলাৰ কৃষি বিভাগৰ যুটীয়া সঞ্চালক দেৱজিৎ দত্তই অংশগ্ৰহণ কৰে। উল্লেখ্য যে নৰৱে চৰকাৰৰ পুঁজিৰে জলবায়ু স্থিতিস্থাপকতা প্ৰকল্পৰ অধীনত অসমত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ২০১৯ চনত আৰম্ভ হোৱা এই প্ৰকল্পৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ে এম এছ স্বামীনাথন ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ আৰু কেবিৰ সহযোগত মাহেকীয়া উদ্ভিদ ক্লিনিকৰ আয়োজন কৰি আহিছে। এই উদ্ভিদ ক্লিনিকসমূহে কীট-পতংগ আৰু ৰোগৰ সমস্যাসমূহ বাস্তৱ সময়ৰ ভিত্তিত সমাধান কৰাত যথেষ্ট সহায় কৰি কৃষকক উপকৃত কৰিছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos