728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ভুৱা তথ্যৰে অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰাৰ গুৰুতৰ অভিযোগ

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ভুৱা তথ্যৰে অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰাৰ গুৰুতৰ অভিযোগ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ মে’: সমাজৰ একাংশ ভব্য গব্য লোকে যেতিয়া জালিয়াতিৰ আশ্ৰয় লয়, মহাবিদ্যালয়ৰ অধ্যক্ষৰ চকিত বহি যেতিয়া জালিয়াতিৰ তথ্য পোহৰলৈ অনাৰ সংগঠনৰ নেতাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে, তেতিয়া আপুনিও ভাবিবলৈ বাধ্য হ’ব এনে মুখাৰ আৰৰ মুখ বোৰৰ হাতত সচাকৈ সংৰক্ষিত নে আমাৰ ঐতিহ্যমণ্ডিত এখন মহাবিদ্যালয় ৷ এনে এজন লোক হৈছে ড°

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ মে’: সমাজৰ একাংশ ভব্য গব্য লোকে যেতিয়া জালিয়াতিৰ আশ্ৰয় লয়, মহাবিদ্যালয়ৰ অধ্যক্ষৰ চকিত বহি যেতিয়া জালিয়াতিৰ তথ্য পোহৰলৈ অনাৰ সংগঠনৰ নেতাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে, তেতিয়া আপুনিও ভাবিবলৈ বাধ্য হ’ব এনে মুখাৰ আৰৰ মুখ বোৰৰ হাতত সচাকৈ সংৰক্ষিত নে আমাৰ ঐতিহ্যমণ্ডিত এখন মহাবিদ্যালয় ৷ এনে এজন লোক হৈছে ড° কুলেন দাস । ঘৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ থানাৰ অন্তৰ্গত বৰখলাত । গুৱাহাটীত পঢ়া-শুনা কৰি তেওঁ বৰ্তমান নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ । কিন্তু অধ্যক্ষৰ আসন অলংকৃত কৰাৰ সময়তে তেওঁৰ নাম সাঙুৰ খাইছে এক কেলেংকাৰিত । কুলেন দাস অনুসূচিত জাতিৰ লোক নহয় যদিও জালিয়াতিৰে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছে । এই চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ নামৰ সংগঠনটোয়ে ৷ ইফালে, যিটো সংগঠনে এই তথ্য পোহৰলৈ আনিছিল তেওঁলোকক তথ্য ৰাজহুৱা কৰিলে হত্যাৰ ভাবুকি প্ৰদান কৰিবলৈ কুন্ঠাবুধ নকৰিলে অধ্যক্ষৰ আসন শুৱনি কৰা কুলেন দাসে ৷ ইতিমধ্যে নগাঁও আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে সংগঠনটোৱে । লগতে অনুসূচিত জাতি জনজাতি অপৰাধ নিবাৰণ আইন ATROCITY Act -1998 ৰ অধীনত মোকৰ্দমা ৰুজু কৰি কুলেন দাসক শাস্তিৰ দাবী উত্থাপন কৰে সংগঠটোৱে ৷ সেয়ে জালিয়াতিৰে অধ্যক্ষৰ আসন অলংকৃত কৰা কুলেন দাসৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos