728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অৰুণাচল প্ৰদেশত নেৰিষ্টৰ ‘লুইত-২০২৩’ শীৰ্ষক বিহু অনুষ্ঠান সম্পন্ন

অৰুণাচল প্ৰদেশত নেৰিষ্টৰ ‘লুইত-২০২৩’ শীৰ্ষক বিহু অনুষ্ঠান সম্পন্ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ মে’: অৰুণাচল প্ৰদেশৰ নিৰ্জুলিস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী কাৰিকৰী শিক্ষানুষ্ঠান ‘নেৰিষ্ট’ৰ বাকৰিত নেৰিষ্ট ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত তথা নেৰিষ্টৰ অসম ছাত্ৰ সংগঠনৰ সহযোগত ‘লুইত-২০২৩’ শীৰ্ষক বাৰ্ষিক বিহু অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় । উক্ত অনুষ্ঠানত নেৰিষ্টৰ লগতে অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত বাস কৰা অসমীয়া তথা অনা-অসমীয়া লোকসকলে অংশগ্ৰহণ কৰে । এইবাৰ অনুষ্ঠিত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ মে’: অৰুণাচল প্ৰদেশৰ নিৰ্জুলিস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী কাৰিকৰী শিক্ষানুষ্ঠান ‘নেৰিষ্ট’ৰ বাকৰিত নেৰিষ্ট ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত তথা নেৰিষ্টৰ অসম ছাত্ৰ সংগঠনৰ সহযোগত ‘লুইত-২০২৩’ শীৰ্ষক বাৰ্ষিক বিহু অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় । উক্ত অনুষ্ঠানত নেৰিষ্টৰ লগতে অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত বাস কৰা অসমীয়া তথা অনা-অসমীয়া লোকসকলে অংশগ্ৰহণ কৰে । এইবাৰ অনুষ্ঠিত হোৱা ‘লুইত-২০২৩’ উদযাপন সমিতিৰ সভাপতি মানৱজ্যোতি হাজৰিকা আৰু সাধাৰণ সম্পাদক ঘৃতাৰ্থ গোস্বামীয়ে জানিবলৈ দিয়া মতে এই মনোগ্ৰাহী অনুষ্ঠানৰ লগত সংগতি ৰাখি যোৱা ২৫-২৬ মাৰ্চ আৰু ১-২ এপ্ৰিলত চাৰিদিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ কৰ্মশালাত বিশিষ্ট ঢুলীয়া বসন্ত গগৈ আৰু প্ৰতিভাশালী বিহুৱতী ৰূপৰেখা দেৱীৰ নেতৃত্বত প্ৰশিক্ষকৰ দলে প্ৰশিক্ষণ প্ৰদান কৰে । ইফালে, দীৰ্ঘদিনীয়া প্ৰস্তুতিৰে অনুষ্ঠিত কৰা ‘লুইত-২০২৩’ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে মানৱজ্যোতি হাজৰিকাই ৷ বিহুৰ পতাকা উত্তোলনৰ সমান্তৰালকৈ উপ-সভাপতি ড° অজন্তা কলিতাই নেৰিষ্ট অসমীয়া ছাত্ৰ সমাজৰো পতাকা উত্তোলন কৰে । দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটিত বিভিন্ন প্ৰতিযোগিতাৰ লগতে চিত্ৰাংকন, টেকেলী ভঙা আদি বিভিন্ন থলুৱা খেল-ধেমালিও অনুষ্ঠিত কৰা হয় । বিয়লিৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক সন্ধিয়া বন্তি প্ৰজ্জ্বলনৰ দ্বাৰা শুভাৰম্ভ কৰে নেৰিষ্টৰ সঞ্চালক অধ্যাপক ড° এম মুৰুলীধৰে। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি টেলী দত্তই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ “অ’ বিদেশী বন্ধু” গীতটি পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে । সাংস্কৃতিক সন্ধিয়াটিত বিশিষ্ট অতিথি হিচাপে তেচি লালা আৰু তাদাৰ ভুপেনদেৱ উপস্থিত থকাৰ উপৰিও নেৰিষ্টৰ অধ্যাপক ড° বিনয় সিঙে বিশেষ অতিথিৰ আসন শুৱনি কৰে । উক্ত অনুষ্ঠানতে ছাত্ৰগুৰু ড° প্ৰদীপ লিংফাই প্ৰাণজিত শইকীয়াৰ দ্বাৰা সম্পাদিত “বৰ্হমথুৰি” শীৰ্ষক বাৰ্ষিক আলোচনীখন উন্মোচন কৰে । সাংস্কৃতিক সন্ধিয়াত হুঁচৰি, জেং বিহু, বৰগীত, তবলা বাদন, দিহানাম, সুৰ-সংগম আদি মনোমোহা ৰূপত পৰিবেশন কৰা হয় ৷ বিশেষকৈ “জাছিংফা” বিহুদলটিয়ে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতিৰ সংমিশ্ৰণেৰে সুন্দৰ বিহুনাচ প্ৰদৰ্শন কৰে । সেই মঞ্চতে “বৰদৈচিলা” নামেৰে অসমৰ পাৰম্পৰিক সাজপাৰৰ এক প্ৰদৰ্শনীৰে নেৰিষ্টৰ ছাত্ৰ-ছাত্ৰীসকলে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ তদুপৰি অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী দিপান্বিতা ডেকাই গীতৰ শৰাই আগবঢ়াই ৷ শেষত লুইত-২০২৩ ৰ কাৰ্যকৰী সভাপতি অম্লান জ্যোতি মহন্তই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখ্য, সামগ্ৰিকভাবে অসমৰ ঐতিহ্যসমৃদ্ধ সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ নেৰিষ্ট তথা দাঁতিকাষৰীয়া অঞ্চলৰ সকলো স্তৰৰ লোকক একত্ৰিত কৰি অনুষ্ঠিত কৰা নেৰিষ্টৰ ‘লুইত-২০২৩ শীৰ্ষক উক্ত অনুষ্ঠানত অৰুণাচল প্ৰদেশত বসবাস কৰা অসমীয়া সকলৰ উপৰিও আন আন প্ৰদেশৰ পৰা কৰ্ম সূত্ৰে অহা লোকৰ বিপুল সঁহাৰি আৰু অংশগ্ৰহন অনুষ্ঠানটোৰ সকলোতকৈ উল্লেখনীয় দিশ হিচাপে চিহ্নিত কৰিব পাৰি ।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos