728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নগাঁৱৰ আৰ্ট ভিলেজত আবৃত্তিৰ দিন উদযাপন

নগাঁৱৰ আৰ্ট ভিলেজত আবৃত্তিৰ দিন উদযাপন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১০ মে’: বিগত ২০০৮ চনৰ পৰাই আবৃত্তি প্ৰাণ প্ৰয়াত গোলাপ চন্দ্ৰ বৰাৰ জন্ম দিনটো আবৃত্তিৰ দিন হিচাপে উদযাপন কৰি অহা হৈছে ৷ তদ্ৰুপ এইবাৰো নগাঁৱৰ আৰ্ট ভিলেজৰ উদ্যোগত মঙলবাৰে আবৃত্তিৰ দিন উদযাপন কৰা হয় । এই মৰ্মে, আয়োজিত অনুষ্ঠানত অসমীয়া আবৃত্তি শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰয়াত গোলাপ চন্দ্ৰ বৰাই দি যোৱা অবদানৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১০ মে’: বিগত ২০০৮ চনৰ পৰাই আবৃত্তি প্ৰাণ প্ৰয়াত গোলাপ চন্দ্ৰ বৰাৰ জন্ম দিনটো আবৃত্তিৰ দিন হিচাপে উদযাপন কৰি অহা হৈছে ৷ তদ্ৰুপ এইবাৰো নগাঁৱৰ আৰ্ট ভিলেজৰ উদ্যোগত মঙলবাৰে আবৃত্তিৰ দিন উদযাপন কৰা হয় । এই মৰ্মে, আয়োজিত অনুষ্ঠানত অসমীয়া আবৃত্তি শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰয়াত গোলাপ চন্দ্ৰ বৰাই দি যোৱা অবদানৰ সম্পৰ্কে শিল্পী সুজিত দাসে বক্তব্য ৰাখে ৷ প্ৰায় অৰ্ধ শতাধিক আবৃত্তি প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা অনুষ্ঠানটোত শিশুবন্ধু দুলাল বৰা, বিশিষ্ট কবি প্ৰদীপ শইকীয়া, আবৃত্তিকাৰ মানৱজ্যোতি বৰা, মৌচুমী বৰা, লক্ষিপ্ৰভা শইকীয়া, সুস্মিতা দত্ত, নয়নমণি মিশ্ৰই অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানতে আবৃত্তি গবেষক শান্তিছায়া শইকীয়ালৈ আবৃত্তি দিনৰ সন্মান-২০২৩ প্ৰদান কৰা হয় ৷ ইফালে, একেটা অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টিশীল দক্ষতা বিকাশৰ বাবে নগাঁৱৰ আৰ্ট ভিলেজত স্থাপন কৰা আবৃত্তি বিদ্যালয়খন আনুষ্ঠানিক উদ্বোধন কৰে শান্তিছায়া শইকীয়াই ।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos