যোৰহাটঃ ধান গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শতবৰ্ষ গৰকা তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানে সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ধান গৱেষণা প্ৰতিষ্ঠানৰ স্বীকৃতি লাভ কৰিছে। ৰাষ্ট্ৰীয় ধান গৱেষণা গোটৰ ৫৮ সংখ্যক সৰ্বভাৰতীয় বাৰ্ষিক পৰ্যালোচনা সভাত আজি অসম ধান গৱেষণা প্ৰতিষ্ঠানক সৰ্বভাৰতীয় সমন্বিত কৃষি গৱেষণা প্ৰকল্পৰ শ্ৰেষ্ঠ ধান গৱেষণা প্ৰতিষ্ঠানৰ স্বীকৃতি প্ৰদান কৰা হয়। অসম
যোৰহাটঃ ধান গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শতবৰ্ষ গৰকা তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানে সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ধান গৱেষণা প্ৰতিষ্ঠানৰ স্বীকৃতি লাভ কৰিছে। ৰাষ্ট্ৰীয় ধান গৱেষণা গোটৰ ৫৮ সংখ্যক সৰ্বভাৰতীয় বাৰ্ষিক পৰ্যালোচনা সভাত আজি অসম ধান গৱেষণা প্ৰতিষ্ঠানক সৰ্বভাৰতীয় সমন্বিত কৃষি গৱেষণা প্ৰকল্পৰ শ্ৰেষ্ঠ ধান গৱেষণা প্ৰতিষ্ঠানৰ স্বীকৃতি প্ৰদান কৰা হয়। অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী ডঃ সঞ্জয় কুমাৰ চেতিয়াৰ নেতৃত্বত গৱেষক বিজ্ঞানীৰ দলে সৰ্বভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ আৰ এম সুন্দৰমৰ পৰা এই সন্মান গ্ৰহণ কৰে। এই অনুষ্ঠানত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড: এছ কে প্ৰধান, ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড: এ কে নায়কো উপস্থিত থাকে। আনহাতে দেশৰ বিভিন্ন প্ৰান্তৰ তিনি শতাধিক গৱেষক, বিজ্ঞানী আৰু শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় ধান গৱেষণা গোটৰ ৫৮ সংখ্যক বাৰ্ষিক পৰ্যালোচনা সভাৰো আজি সামৰণি পৰে । পৰিবৰ্তিত পৰিস্থিতিত ধান গৱেষণাৰ ক্ষেত্ৰখনত লবলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে এই বৈঠকত বিশেষভাৱে পৰ্যালোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই পৰ্যালোচনা বৈঠকত ধান গৱেষণাৰ লগত জড়িত দেশৰ কৃষি বিশ্ববিদ্যালয়সমুহ, গৱেষণা প্ৰতিষ্ঠান সমুহ আৰু এই দিশৰ লগত জড়িত নিৰ্বাচিত কৃষি উদ্যোগীয়ে অংশগ্ৰহণ কৰি ধান গৱেষণাৰ দিশত বৈপ্লৱিক পৰিবৰ্তন অনাৰ বাবে সংকল্পবদ্ধ হয় ।
Leave a Comment
Your email address will not be published. Required fields are marked with *