728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম কৃষি বিশ্ববিদ্যালয়ত এছিয়ান আৰু মেকঙ দেশসমূহৰ মাজত কৃষি ব্যৱসায় আৰু বিনিয়োগৰ সম্ভাৱনীয়তাৰ আন্তঃৰাষ্ট্ৰীয় কনক্লেভ সম্পন্ন

অসম কৃষি বিশ্ববিদ্যালয়ত এছিয়ান আৰু মেকঙ দেশসমূহৰ মাজত কৃষি ব্যৱসায় আৰু বিনিয়োগৰ সম্ভাৱনীয়তাৰ আন্তঃৰাষ্ট্ৰীয় কনক্লেভ সম্পন্ন

যোৰহাটঃ সঠিক দিশত বিনিয়োগেহে ব্যৱসায়িক ক্ষেত্ৰত যথোচিত উন্নতিত সহায়ক হয়। সামৰ্থ বৃদ্ধি আৰু উদ্ভাৱনী মানসিকতাৰে ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি গ’লে নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰি। এছিয়ান বা মেকঙ দেশসমূহৰ সৈতে ব্যৱসায়িক সহযোগিৰ সমন্বিত প্ৰয়াসেৰে আগবাঢ়ি গ’লে এই ক্ষেত্ৰখন অধিক আগুৱাই যাব পাৰিব। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত হৈ থকা আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ তৃতীয় দিনা আজি অনুষ্ঠিত ‘এছিয়ান আৰু

যোৰহাটঃ সঠিক দিশত বিনিয়োগেহে ব্যৱসায়িক ক্ষেত্ৰত যথোচিত উন্নতিত সহায়ক হয়। সামৰ্থ বৃদ্ধি আৰু উদ্ভাৱনী মানসিকতাৰে ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি গ’লে নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰি। এছিয়ান বা মেকঙ দেশসমূহৰ সৈতে ব্যৱসায়িক সহযোগিৰ সমন্বিত প্ৰয়াসেৰে আগবাঢ়ি গ’লে এই ক্ষেত্ৰখন অধিক আগুৱাই যাব পাৰিব। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত হৈ থকা আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ তৃতীয় দিনা আজি অনুষ্ঠিত ‘এছিয়ান আৰু মেকঙ দেশসমূহৰ মাজত কৃষি ব্যৱসায় আৰু বিনিয়োগ’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় কনক্লেভ উদ্বোধন কৰি এই মত ব্যক্ত কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। বিশ্ববিদ্যালয়ৰ বৰ্ড ৰূমত অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ প্ৰসন্ন কুমাৰ পাঠকৰ সঞ্চালনাত অনুষ্ঠিত এই কনক্লেভত ড০ ডেকাই লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চল আৰু আছিয়ান দেশৰ উদ্যোগীসকলৰ মাজত সক্ৰিয় আদান প্ৰদানৰ ফলত অঞ্চলটোৰ কৃষি উদ্যোগীসকলে সেই দেশসমূহত কৃষি ব্যৱসায়ৰ পথ বিচাৰি উলিওৱাত সহায় কৰিব। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড০ জয়ন্ত ডেকাই অসম কৃষি বিশ্ববিদ্যালয়ে এই অঞ্চলৰ শিক্ষাৰ্থী সকলৰ মাজত ব্যৱসায়িক মানসিকতা আৰু ব্যুৎপত্তি গঢ় দিয়াৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানতে ‘এগ্ৰিপ্ৰেনিয়ৰছ্ অফ আছাম’ শীৰ্ষক গ্ৰন্থ এখনো উন্মোচন কৰা হয়। উল্লেখ্য যে এই কনক্লেভত ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, কম্বোডিয়াৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচিত কৃষি উদ্যোগীৰ লগতে বিশ্বৰ প্ৰসিদ্ধ কৃষি ব্যৱসায়িক প্ৰতিষ্ঠানৰ সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অসমৰ নিৰ্বাচিত ২০ গৰাকী কৃষি উদ্যোগী, অসম কৃষি বিশ্ববিদ্যালয়ৰ নিৰ্বাচিত ২০ গৰাকী কৃষি ব্যৱসায়িক ক্ষেত্ৰত বিশেষভাবে প্ৰশিক্ষিত অধ্যাপক, গৱেষক, বিজ্ঞানী আৰু ২০গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই কনক্লেভত তিনিটা কাৰিকৰী সত্ৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যোগী আৰু অংশীদাৰসকলৰ সৈতে মিলি আন্তঃৰাষ্ট্ৰীয়ভাবে কৃষি ব্যৱসায়ৰ সম্ভাৱনীয়তা আৰু ব্যৱসায়িক লক্ষ্যত উপনীত হোৱাৰ বাবে উপযুক্ত নীতি আৰু পথনিৰ্দেশনা প্ৰস্তুত কৰাৰ বাবে এক মঞ্চ সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হয়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos