নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ এপ্ৰিলঃ সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী “বহাগী বৰণ” অনুষ্ঠানটি নগাঁৱত ৰূপায়ণ কৰা হয় । কাৰ্যসূচী অনুসৰি নগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্গত প্ৰতিটো শাখাই নিজ নিজ অঞ্চলৰ বৰেণ্য ব্যক্তি সকলৰ ঘৰে ঘৰে গৈ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে ব’হাগী বৰণ প্ৰদান কৰে । সেই অনুসৰি নগাঁও সদৰ শাখাই তাৰক ৰাম ভট্টাচাৰ্য,
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ এপ্ৰিলঃ সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী “বহাগী বৰণ” অনুষ্ঠানটি নগাঁৱত ৰূপায়ণ কৰা হয় । কাৰ্যসূচী অনুসৰি নগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্গত প্ৰতিটো শাখাই নিজ নিজ অঞ্চলৰ বৰেণ্য ব্যক্তি সকলৰ ঘৰে ঘৰে গৈ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে ব’হাগী বৰণ প্ৰদান কৰে । সেই অনুসৰি নগাঁও সদৰ শাখাই তাৰক ৰাম ভট্টাচাৰ্য, খগেন শইকীয়া, সুৰেন্দ্ৰ নাথ বৰঠাকুৰ, আৰিফুল হক, ডাঃ অতুল চন্দ্ৰ পাটৰ, আভাৰাণী হাজৰীকা, নিৰুপমা গোহাঁই, গুনবালা দেৱী, মুৰুলী বৰুৱা, আৰু চন্দ্ৰ হাজৰিকাক ব’হাগী বৰণ প্ৰদান কৰে । ঠিক সেইদৰে ফুলগুৰি শাখাই উমেশ চন্দ্ৰ দাস, প্ৰদীপ শইকীয়া, ইৰালতা মেধি, ভৱেন্দ্ৰ বাগীশ, বাপধন হাজৰিকা, ৰঘুনাথ বৰা, দেৱ কুমাৰ নাথ, কুমুদ মেধি, সুৰেশ ডেকা, ৰিপামণি বৰা, উৎপল দাস, পুলিন চন্দ্ৰ দাস, জীউৰাম কাকতি, দিলীপ হাজৰিকা, লক্ষ্মীকান্ত বৰা, নগেন ডেকা, নৱজ্যোতি শৰ্মা বৰুৱা আৰু সুজিত বৰদলৈক, কামপুৰ আঞ্চলিক কবি সন্মিলনে ঘন মহন্ত, ত্ৰিদিৱ লস্কৰ, অজিতা কাকতি, জয়াৰাণী শইকীয়া আৰু নিৰাক্ষী মজুমদাৰক, ধিং আঞ্চলিক কবি সন্মিলনে কণমাই শইকীয়া, অতুল শৰ্মা, প্ৰদীপ হাজৰিকা, উমা কান্ত কেওঁট আৰু সোমেশ্বৰ নাথক ব’হাগী বৰণ প্ৰদান কৰে । তেনেদৰে জামুগুৰি শাখাই ভাৰতী হাজৰিকা দেবী, নিৰুপমা ডেকা, মিহিৰাম ভূঞা, প্ৰমীলা দেবী আৰু সাধনী দেবীক, কঠীয়াতলী শাখাই জিতেন্দ্ৰ নাথ হাজৰিকা, ভীষ্ম দূৰ্লভ মহন্ত, নলিনী মোহন বৰা, সুৰজ কৌৰ আৰু ধৰ্মেশ্বৰ বৰাক, সোণাইপৰীয়া শাখাই কিৰণ দাস, জগত কন্দলী, ৰমেশ বৰা, লীলাকান্ত নাথ আৰু গোলাপ চন্দ্ৰ নাথক স্নেহ পত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে বুলি নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা আৰু সম্পাদক ৰাজু সমীৰণে জানিবলৈ দিছে ৷
Leave a Comment
Your email address will not be published. Required fields are marked with *