728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত উদীয়মান ক্ৰিকেটাৰৰ মৃত্যু

আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত উদীয়মান ক্ৰিকেটাৰৰ মৃত্যু

আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মুঠ ২৪১ জন যাত্ৰীৰ মৃত্যু হয়। ইয়াৰ ভিতৰত এজন উদীয়মান ক্ৰিকেটাৰৰো মৃত্যু হয়। ২৩ বছৰীয়া দীৰ্ঘ পটেল নামৰ এই ভাৰতীয় ক্ৰিকেটাৰজনে ইংলেণ্ডৰ এটা ক্লাবৰ হৈ খেলিছিল। তেওঁ লিড্‌ছ মডাৰ্নিয়ান্স ক্লাবৰ হৈ খেলিছিল। গুজৰাটৰ বাসিন্দা দীৰ্ঘই পঢ়া-শুনাৰ বাবে ইংলেণ্ডত থাকিছিল। তাত তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত অধ্যয়ন কৰিছিল। একে সময়তে তেওঁ

আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মুঠ ২৪১ জন যাত্ৰীৰ মৃত্যু হয়। ইয়াৰ ভিতৰত এজন উদীয়মান ক্ৰিকেটাৰৰো মৃত্যু হয়। ২৩ বছৰীয়া দীৰ্ঘ পটেল নামৰ এই ভাৰতীয় ক্ৰিকেটাৰজনে ইংলেণ্ডৰ এটা ক্লাবৰ হৈ খেলিছিল। তেওঁ লিড্‌ছ মডাৰ্নিয়ান্স ক্লাবৰ হৈ খেলিছিল। গুজৰাটৰ বাসিন্দা দীৰ্ঘই পঢ়া-শুনাৰ বাবে ইংলেণ্ডত থাকিছিল। তাত তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত অধ্যয়ন কৰিছিল। একে সময়তে তেওঁ মনোযোগেৰে ক্ৰিকেটো খেলিছিল। লিড্‌ছৰ ক্লাবত তেওঁ এজন বিদেশী ক্ৰিকেটাৰ হিচাপে খেলিছিল।
প্ৰতিভাৱান এই অলৰাউণ্ডাৰজনৰ মৃত্যুত ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে। ক্লাবে এটা বিবৃতিত প্ৰকাশ কৰি কৈছে, “দীৰ্ঘৰ অকাল মৃত্যুত আমি গভীৰভাৱে শোকাহত। এই ক্লাবত তেওঁৰ সৈতে আমি বহু স্মৰণীয় মুহূৰ্তৰ সাক্ষী হৈছিলোঁ। এই কঠিন সময়ত তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ প্ৰতি আমাৰ সমবেদনা।”

দীৰ্ঘ পটেলে লিড্‌ছৰ ক্লাবৰ হৈ এয়াৰডেল এণ্ড হোৱাৰফেডেল ছিনিয়ৰ ক্ৰিকেট লীগত খেলিছিল। সেই লীগৰ মুখপাত্ৰই জনাইছে যে, দীৰ্ঘৰ ক্ৰিকেটৰ প্ৰতি গভীৰ আকৰ্ষণ আছিল আৰু তেওঁ ক্ৰিকেটৰ মাধ্যমেৰেই আগবাঢ়িব বিচাৰিছিল। তেওঁৰ ককায়েকেও আগতে ক্ৰিকেট খেলিছিল, কিন্তু বেছি দিন খেলিব নোৱাৰিছিল। মুখপাত্ৰজনে এই বুলিও কৈছে যে, দীৰ্ঘৰ প্ৰতিভা সঁচাকৈয়ে উল্লেখযোগ্য আছিল।

বিগত ১২ জুনত আহমেদাবাদৰ বিমানবন্দৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ এআই১৭১ বিমানখন উৰণৰ ৩০ ছেকেণ্ডৰ ভিতৰতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল। বিমানখন লণ্ডনৰ গেটউইক বিমানবন্দৰলৈ যাত্ৰা কৰিছিল। কিন্তু উৰণৰ পিছতেই সেই বিমান এখন মেডিকেল কলেজৰ হোষ্টেলত পৰে। এই দুৰ্ঘটনাত বিমানৰ ২৩০জন যাত্ৰী আৰু ১২জন কৰ্মীৰ ভিতৰত মাত্ৰ এজন জীৱিত আছে। মেডিকেল কলেজৰ হোষ্টেলত থকা বহুকেইজন ছাত্ৰ-ছাত্ৰীৰো মৃত্যু হৈছে। এই দুৰ্ঘটনাৰ কাৰণ উদঘাটন কৰিবলৈ তদন্ত আৰম্ভ হৈছে। এতিয়াও আটাইবোৰ মৃতদেহৰ পৰিচয় নিৰূপণ কৰা হোৱা নাই। এনে পৰিস্থিতিত এজন উদীয়মান ক্ৰিকেটাৰৰ মৃত্যুৰ খবৰে সকলোকে মৰ্মাহত কৰিছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos