728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা, ২০২৪’ৰ বাবে কবিতাৰ পাণ্ডুলিপি আহ্বান

‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা, ২০২৪’ৰ বাবে কবিতাৰ পাণ্ডুলিপি আহ্বান

নিউজ ডেস্কঃ বিগত বছৰৰ দৰে এইবাৰো সামাজিক-সাংস্কৃতিকমূলক স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত আয়োজিত লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা, ২০২৪ৰ বাবে ৪০ বছৰৰ অনুৰ্দ্ধৰ লেখক-লেখিকাসকলৰ পৰা কবিতাৰ পাণ্ডুলিপি আহ্বান কৰা হৈছে। পাণ্ডুলিপিত ৪০ টা কবিতা থাকিব লাগিব। পাণ্ডুলিপিৰ লগত লেখক-লেখিকাসকলে নাম-ঠিকনা-ফোন নম্বৰ আৰু বয়সৰ প্ৰমাণ পত্ৰ গাঁঠি দিব লাগিব। প্ৰকাশিত কিতাপ পাণ্ডুলিপি হিচাপে গ্ৰহণ কৰা

নিউজ ডেস্কঃ বিগত বছৰৰ দৰে এইবাৰো সামাজিক-সাংস্কৃতিকমূলক স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত আয়োজিত লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা, ২০২৪ৰ বাবে ৪০ বছৰৰ অনুৰ্দ্ধৰ লেখক-লেখিকাসকলৰ পৰা কবিতাৰ পাণ্ডুলিপি আহ্বান কৰা হৈছে। পাণ্ডুলিপিত ৪০ টা কবিতা থাকিব লাগিব। পাণ্ডুলিপিৰ লগত লেখক-লেখিকাসকলে নাম-ঠিকনা-ফোন নম্বৰ আৰু বয়সৰ প্ৰমাণ পত্ৰ গাঁঠি দিব লাগিব। প্ৰকাশিত কিতাপ পাণ্ডুলিপি হিচাপে গ্ৰহণ কৰা নহ’ব।
২০২৪ চনৰ জুন মাহৰ ৩০ তাৰিখৰ ভিতৰত পাণ্ডুলিপি ডাক বা কুৰিয়াৰ যোগে পঠাব পাৰিব।
পাণ্ডুলিপিৰ খামত “লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা, ২০২৪ ৰ বাবে” বুলি লিখা থাকিব লাগিব।
অমনোনীত পাণ্ডুলিপি ঘূৰাই পঠোৱা নহ’ব। এই বঁটাত আছে নগদ ১০,০০০ টকা, এটি ৰূপৰ স্মাৰক, মানপত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা। পাণ্ডুলিপি জমা দিয়াৰ ঠিকনাঃ নিবেদিতা হাজৰিকা, ২ বি, ব্লক- ৪,
শ্বাইন হেভেন এপাৰ্টমেণ্ট, বাঘৰবড়ী ৰ’ড, সাতগাঁও আমবাৰী। গুৱাহাটী, ডাকঃ উদয়ন বিহাৰ, পিন : ৭৮১১৭১, ফোন : ৮১৩৫৮৭৩৮৬২। সবিশেষ জানিবলৈ ৮১৩৫৮৭৩৮৬২, ৯১০১০৩৮৬৫১, ৮১৩৫৮৪৪৩১৫, ৭০০২৭৮০২৫২ এই নম্বৰত যোগাযোগ কৰিব পাৰিব।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos