728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অনুৰাধা চিত্ৰগৃহত ‘দ্য শ্লেমবুক’ৰ প্ৰিমিয়াৰ শ্ব’, শুকুৰবাৰে ছবিগৃহলৈ আহিব ছবিখন

অনুৰাধা চিত্ৰগৃহত ‘দ্য শ্লেমবুক’ৰ প্ৰিমিয়াৰ শ্ব’, শুকুৰবাৰে ছবিগৃহলৈ আহিব ছবিখন

হেমন্ত শৰ্মা, ২৮ জুনঃ আজি মহানগৰীস্থিত অনুৰাধা চিত্ৰগৃহত নতুন অসমীয়া চলচ্চিত্ৰ ‘দ্য শ্লেমবুক’ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত হৈ যায়৷ শুকুৰবাৰে অসমৰ সকলো চিত্ৰগৃহতে মুক্তিলাভ কৰিব ছবিখনে৷ আনহাতে, ১৯৮৩ চনত জন্মলাভ কৰা অসমৰ বিশাল প্ৰডাকচন হাউচ এন কে প্ৰডাকচনে গৰকিলে ৪০ টা বসন্ত৷ চল্লিশবছৰীয়া এই মধুৰ ক্ষণত প্ৰডাকচন হাউচটোৱে প্ৰত্যেকবাৰৰ দৰেই এইবাৰো দুগৰাকী নৱাগত অভিনেতা-অভিনেত্ৰীৰে অসমৰ ৰাইজক

হেমন্ত শৰ্মা, ২৮ জুনঃ আজি মহানগৰীস্থিত অনুৰাধা চিত্ৰগৃহত নতুন অসমীয়া চলচ্চিত্ৰ ‘দ্য শ্লেমবুক’ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত হৈ যায়৷ শুকুৰবাৰে অসমৰ সকলো চিত্ৰগৃহতে মুক্তিলাভ কৰিব ছবিখনে৷ আনহাতে, ১৯৮৩ চনত জন্মলাভ কৰা অসমৰ বিশাল প্ৰডাকচন হাউচ এন কে প্ৰডাকচনে গৰকিলে ৪০ টা বসন্ত৷ চল্লিশবছৰীয়া এই মধুৰ ক্ষণত প্ৰডাকচন হাউচটোৱে প্ৰত্যেকবাৰৰ দৰেই এইবাৰো দুগৰাকী নৱাগত অভিনেতা-অভিনেত্ৰীৰে অসমৰ ৰাইজক উপহাৰ দিবলৈ ওলাইছে ‘দ্য শ্লেমবুক’৷ অসমীয়া সাংস্কৃতিক জগতখনিত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থকা অসমৰ আগশাৰীৰ প্ৰডাকচন হাউচৰ স্বত্বাধীকাৰী তথা প্ৰযোজক দেৱ বৰকটকীয়ে প্ৰযোজনা কৰিছে ছবিখন৷ কাহিনী-পৰিচালনা প্ৰাঞ্জল গৈয়াৰীৰ৷ চিত্ৰনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ৷ ‘যৌৱনৰ জপনা খোলোঁতেই বুকুত যেতিয়া প্ৰেমে বুৰবুৰণি দিবলৈ আৰম্ভ কৰে, ঠিক তেতিয়াই এহাল যুৱক-যুৱতীৰ মিলন হয়৷ প্ৰেমৰ পথাৰত তেতিয়াই যেন ফুলি উঠে হেজাৰ হেজাৰ ৰজনীগন্ধা৷ চৌদিশে বিয়পি পৰে ভালপোৱাৰ সুবাস৷ কিন্তু হেজাৰ চেষ্টা কৰিলেও আপেক্ষিক এই ভালপোৱাৰ মাজতেই আহি পৰে বিচ্চেদৰ বহুতো কেঁকুৰী৷ দিশহাৰা হয় প্ৰেম৷ অকালতে মৰহি পৰেপ্ৰতিশ্ৰুতিৰ প্ৰতিটো গোলাপৰ কলি৷ কিন্তু প্ৰথম প্ৰেমৰ হৃদয় কঁপোৱা সেই উন্মাদনাক জানো পাহৰিব পাৰে কোনোবাই? ভয় নাই, শংকা নাই, প্ৰেমৰ বাবে যাব পাৰো বাটকুৰি বাই৷ তেজে তুমৰলি কোমল কলিজাটো লৈ হেজাৰ কাঁইটকো নেওচি যেন লৈ আনিব পাৰে প্ৰথম প্ৰেমৰ ৰাধাচূড়া৷ প্ৰাপ্তিৰ হেজাৰ বসন্তৰ সুবাস বিলাই ভালপোৱা সোমাই পৰে দুবাহুত৷ কিন্তু কেতিয়াবা নিৰাশ বৰষুণৰ টোপালবোৰ লগ হয় দুচকুত৷ বিৰহৰ তপত চকুলোৱে কোনদিশে ধাৱিত কৰিব পাৰে জীৱন নদী?’ –ঠিক এনে এক কাহিনীৰ আধাৰতেই ৰচনা কৰা হৈছে চিত্ৰনাট্যভাগ৷ ৰেড এপিক আৰু ৰেড এম এ’ কেমেৰাৰে ছবিখনিৰ দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে৷ মুখ্য সহকাৰী পৰিচালক সপ্তঋষি গৌতম৷ ৰূপসজ্জা কাম্‌ছীৰ৷ কৰিঅ’গ্ৰাফাৰ– দীপক দে আৰু উদয় শংকৰ৷ ‘দ্য শ্লেমবুক’ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে– নিৰূপম শইকীয়া, বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, শ্ৰেষ্ঠা চৌধুৰী, পুনম লহকৰ, সীদ্ধাৰ্থ মুখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত, চিন্ময় বৰগোহাঁইৰ লগতে বহুতো ন-পুৰণি অভিনয় শিল্পীয়ে৷ জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা ‘দ্য শ্লেমবুক’ত সন্বিৱিষ্ট হৈছে চাৰিটিকৈ গীত৷ জুবিন গাৰ্গ, দিগন্ত ভৰতী, শশাংক সমীৰ আৰু ৰাহুল গৌতম শৰ্মাই ৰচনা কৰা গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, ৰোহিত সোণাৰ, প্ৰবীণ বৰা, অৰুন্ধতী ভানুপ্ৰিয়া আৰু মানস বৰাই৷ ইতিমধ্যে ছবিখনিৰ চাৰিওটি গীতে ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos