নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ নগাঁও জিলাৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান “এনাজৰী অসম”ৰ এক ব্যতিক্ৰমী সাহিত্যানুষ্ঠান সফলতাৰে অনুষ্ঠিত হৈ যায় ৷ জিলাখনৰ বেবেজীয়াৰ নিবাসী ৰীণা দেৱীৰ বাসগৃহত অনুষ্ঠিত হোৱা সাহিত্যানুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট অভিনেতা মহেশ্বৰ হাজৰিকাই । “এনাজৰী অসম”ৰ সম্পাদক তথা কৃতী শিক্ষক লৱ কান্ত শৰ্মাই আঁত ধৰা সাহিত্যানুষ্ঠানটি আনুষ্ঠানিকভাবে শুভ উদ্ধোধন কৰে সমাজকৰ্মী তাৰিণী মোহন শৰ্মাই
নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ নগাঁও জিলাৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান “এনাজৰী অসম”ৰ এক ব্যতিক্ৰমী সাহিত্যানুষ্ঠান সফলতাৰে অনুষ্ঠিত হৈ যায় ৷ জিলাখনৰ বেবেজীয়াৰ নিবাসী ৰীণা দেৱীৰ বাসগৃহত অনুষ্ঠিত হোৱা সাহিত্যানুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট অভিনেতা মহেশ্বৰ হাজৰিকাই । “এনাজৰী অসম”ৰ সম্পাদক তথা কৃতী শিক্ষক লৱ কান্ত শৰ্মাই আঁত ধৰা সাহিত্যানুষ্ঠানটি আনুষ্ঠানিকভাবে শুভ উদ্ধোধন কৰে সমাজকৰ্মী তাৰিণী মোহন শৰ্মাই ৷ গীত-মাত-নৃত্যৰে জীপাল হৈ পৰা মনোমোহা অনুষ্ঠানটিত বকুল শৰ্মা, লক্ষ্মী নাৰায়ণ বৰা, ৰীণা দেৱী, জিতেন ভট্টাচাৰ্য, গোপাল শৰ্মা, তাৰিণী মোহন শৰ্মা, উৎপল বৰা, জয়ন্ত বৰদলৈ আৰু লৱ কান্ত শৰ্মাই কবিতা, গল্প, প্ৰবন্ধ আদি পাঠ কৰাৰ বিপৰীতে তপন শইকীয়াই বিহু আৰু বকুল শৰ্ম্মাই হুঁচৰি পৰিবেশন কৰে ৷ তদুপৰি শিশু শিল্পী গ্ল’ৰী কাশ্যপে নৃত্য আৰু কবিতাৰ লগতে বিনিতা কৌশিক আৰু অপৰাজিতা কৌশিকৰ নৃত্য প্ৰদৰ্শনেৰে সকলোকে মনোৰঞ্জনৰ সোৱাদ যোগাবলৈ সক্ষম হয় ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ধৰ্মেশ্বৰ বৰা, মনোজ কুমাৰ পাটৰ, গনেশ শৰ্মা, ডিম্বেশ্বৰ শৰ্মা, ঋকবেদী বৰা, ৰূপম শৰ্মা, প্ৰাচুৰ্য প্ৰতীম শৰ্মাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উক্ত অনুষ্ঠানতে ধৰ্মেশ্বৰ বৰাক সভাপতি, মহেশ্বৰ হাজৰিকাক উপ-সভাপতি, লৱ কান্ত শৰ্মাক সম্পাদক আৰু বকুল শৰ্মাক সহঃ সম্পাদক হিচাপে লৈ এনাজৰী অসমৰ নতুন সমিতিখন গঠন কৰা হয়। শেষত জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ পৰিসমাপ্তি ঘটোৱা হয় ৷

Leave a Comment
Your email address will not be published. Required fields are marked with *