728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম কৃষি বিশ্ববিদ্যালয়ত শস্য কীট-পতংগৰ জৈৱিক নিয়ন্ত্ৰণৰ সৰ্বভাৰতীয় পৰ্যায়ৰ ৩৪ সংখ্যক দুদিনীয়া বাৰ্ষিক সভা আৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয়ত শস্য কীট-পতংগৰ জৈৱিক নিয়ন্ত্ৰণৰ সৰ্বভাৰতীয় পৰ্যায়ৰ ৩৪ সংখ্যক দুদিনীয়া বাৰ্ষিক সভা আৰম্ভ

যোৰহাট, ১১ জুনঃ শস্য কীট-পতংগৰ জৈৱিক নিয়ন্ত্ৰণৰ ওপৰত সৰ্বভাৰতীয় সমন্বিত গৱেষণা প্ৰকল্পৰ ৩৪ সংখ্যক বাৰ্ষিক সভাখন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয় আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ নেচনেল ব্যুৰ’ অফ অগ্ৰিকালচাৰেল ইনছেক্ট ৰিচৰ্ছেছ, বাংগালুৰুৰ যৌথ উদ্যোগত আয়োজিত এই সৰ্বভাৰতীয় পৰ্যায়ৰ সভাখনৰ আজি পুৱা বিশ্ববিদ্যালয়ৰ ডিবিটি নিকেব ভৱনৰ সভাগৃহত

যোৰহাট, ১১ জুনঃ শস্য কীট-পতংগৰ জৈৱিক নিয়ন্ত্ৰণৰ ওপৰত সৰ্বভাৰতীয় সমন্বিত গৱেষণা প্ৰকল্পৰ ৩৪ সংখ্যক বাৰ্ষিক সভাখন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয় আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ নেচনেল ব্যুৰ’ অফ অগ্ৰিকালচাৰেল ইনছেক্ট ৰিচৰ্ছেছ, বাংগালুৰুৰ যৌথ উদ্যোগত আয়োজিত এই সৰ্বভাৰতীয় পৰ্যায়ৰ সভাখনৰ আজি পুৱা বিশ্ববিদ্যালয়ৰ ডিবিটি নিকেব ভৱনৰ সভাগৃহত শুভাৰম্ভ হয়। শুভাৰম্ভণি অনুষ্ঠানত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ নতুন দিল্লীৰ উপ-সঞ্চালক প্ৰধান (শস্য বিজ্ঞান) ড০ ডি কে যাদৱে জলবায়ু পৰিৱৰ্তনৰ বাবে কৃষিক্ষেত্ৰলৈ অহা বিভিন্ন পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক আৰু পৰিৱেশ অনুকুল অনুজীৱ বিপ্লৱৰ প্ৰয়োজন হৈছে বুলি প্ৰকাশ কৰি বিশেষকৈ পোক-পৰুৱাৰ উপদ্ৰৱ হ্ৰাস আৰু নিৰ্মূল কৰাৰ বাবে অধিক প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত বিশেষ কীট-পতংগ ব্যৱস্থাপনা কৌশলৰ বাবেও অধিক গৱেষণাৰ প্ৰয়োজন হৈছে বুলি উল্লেখ কৰে। আদৰণি ভাষণত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়াই অসমৰ কৃষিৰ ক্ষেত্ৰত অহা প্ৰত্যাহ্বান আৰু বিশেষকৈ ৰাজ্যৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগ চাহ উদ্যোগৰ বাবে জৈৱিকভাৱে কীট-পতংগৰ নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ ওপৰত অনুমোদন জনাব পৰা ব্যৱস্থাৱলীৰ‌ বিষয়ত গৱেষণা আৰু চিন্তা চৰ্চাৰ বাবে আহ্বান জনায়। সমগ্ৰ দেশৰ ৮৮ গৰাকী বিজ্ঞানীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত মুখ্য অতিথিৰ ভাষণত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই ব্যৱসায়িকভাৱে সফল আৰু প্ৰয়োজন হোৱা কৌশল উদ্ভাৱন আৰু বিকশিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শস্যৰ ৰোগৰ জৈৱিক নিয়ন্ত্ৰণ অতিকে জটিল বুলি ব্যক্ত কৰি প্ৰাকৃতিক কৃষি আৰু জৈৱিক কৃষিৰ এক সুস্পষ্ট কৌশল উদ্ভাৱনৰ জৰিয়তে কৃষিক্ষেত্ৰত সামগ্ৰিক বিকাশ কৰিব পৰা যাব বুলি উল্লেখ কৰে। বেংগালুৰুৰ আইচিআৰ-এন বি এ আই আৰৰ সঞ্চালক আৰু শস্য কীট-পতংগৰ জৈৱিক নিয়ন্ত্ৰণৰ ওপৰত সৰ্বভাৰতীয় সমন্বিত গৱেষণা প্ৰকল্পৰ সমন্বয়ক ড০ এছ এন সুশীলে ২০২৪-২৫ বৰ্ষৰ প্ৰতিবেদন পাঠ কৰি সৰ্বভাৰতীয় পৰ্যায়ত প্ৰকল্পৰ অগ্ৰগতি আৰু গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে প্ৰকাশ কৰে। কেইবাখনো পুস্তিকা আৰু পোক-পতংগ প্ৰতিৰোধী কীট মুকলি কৰা উদ্বোধনী অনুষ্ঠানটোত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ নতুন দিল্লীৰ সহকাৰী সঞ্চালক প্ৰধান (প্লাণ্ট প্ৰটেকচন এণ্ড বায়’ছেফটি) ড০ পুনম জছৰটিয়াই কৃষকৰ বাবে সংযুক্ত গৱেষণা আৰু বৈজ্ঞানিক গৱেষণা সমানেই প্ৰয়োজনীয় বুলি উল্লেখ কৰে। কৃষিৰ সুস্থিৰতা আৰু প্ৰাথমিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ গৱেষণাৰ জৰিয়তে অধিক আগুৱাই যাব লাগিব বুলি প্ৰকাশ কৰি সৰু-সৰু, ভিন্ন-ভিন্ন কৃষি ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে প্ৰযুক্তি কৃষকৰ কামত অহা পৰ্যায়লৈ সলনি কৰিব লাগিব বুলি প্ৰকাশ কৰে। অনুষ্ঠানটোত শলাগ জ্ঞাপন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগতত্ত্ব বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ বাদল‌ ভট্টাচাৰ্যই।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos