চন্দ্ৰ কুমাৰ নাথ, বঙাইগাঁওঃ বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত নৰ্থ বইটামাৰী শাখা সাহিত্য সভাৰ সহযোগত আজি বিশিষ্ট সাহিত্যিক তথা গোৱালপৰীয়া লোক-সংস্কৃতিৰ গৱেষক প্ৰয়াত দ্বিজেন নাথৰ জন্মদিৱস স্থানীয় নৰ্থ বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে উদযাপন হয়। এই উপলক্ষে পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰোহিনী কুমাৰ চৌধুৰীয়ে।
চন্দ্ৰ কুমাৰ নাথ, বঙাইগাঁওঃ বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত নৰ্থ বইটামাৰী শাখা সাহিত্য সভাৰ সহযোগত আজি বিশিষ্ট সাহিত্যিক তথা গোৱালপৰীয়া লোক-সংস্কৃতিৰ গৱেষক প্ৰয়াত দ্বিজেন নাথৰ জন্মদিৱস স্থানীয় নৰ্থ বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে উদযাপন হয়। এই উপলক্ষে পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰোহিনী কুমাৰ চৌধুৰীয়ে। তাৰ পিছত বন্তি প্ৰজ্বলন কৰে নৰ্থ বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথে। প্ৰয়াত সাহিত্যিক দ্বিজেন নাথৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা ৰাষ্ট্ৰীয় খেলুৱৈ বিজয়লক্ষ্মী শৰ্মাই। দিনৰ ১১ বজাত বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰোহিনী কুমাৰ চৌধুৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বঙাইগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত কুমাৰ শৰ্মাই সাহিত্যিক প্ৰয়াত দ্বিজেন নাথৰ জীৱন তথা কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। সভাত আন এগৰাকী বিশিষ্ট অতিথি তথা বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অজিত কুমাৰ দাসে গোৱালপৰীয়া লোক-সাহিত্য তথা সংস্কৃতিক প্ৰয়াত সাহিত্যিকগৰাকীৰ সৃষ্টিৰাজিয়ে অধিক প্ৰসাৰ কৰিলে বুলি মন্তব্য কৰে। সভাৰ সভাপতি ৰোহিনী কুমাৰ চৌধুৰীয়ে প্ৰয়াত নাথৰ বিভিন্ন সৃষ্টিৰাজিৰ বিষয়ে আলোকপাত কৰাৰ লগতে তেওঁৰ সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বিষয়ে উল্লেখ কৰে। আজিৰ অনুষ্ঠানত বঙাইগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি ভৱেশ্বৰ ৰাভা, বঙাইগাঁও জিলা লেখিকা সমাজৰ সভানেত্ৰী জ্যোৎস্নাপ্ৰিয়া দেৱী, প্ৰয়াত সাহিত্যিকগৰাকীৰ সহধৰ্মিনী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী চিনু দেৱী, নৰ্থ বইটামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী হিমানী দেৱী, শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল, বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীকে ধৰি দুই শতাধিক লোক উপস্থিত থাকে।
Leave a Comment
Your email address will not be published. Required fields are marked with *