নৰ্থ বইটামাৰীঃ বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত নৰ্থ বইটামাৰী শাখা সাহিত্য সভাৰ সহযোগত ৬ এপ্ৰিল অৰ্থাৎ কাইলৈ বিশিষ্ট সাহিত্যিক-গোৱালপৰীয়া লোক সংস্কৃতিৰ গৱেষক প্ৰয়াত দ্বিজেন নাথৰ জন্ম দিৱস দিনজোৰা কাৰ্যসূচীৰে নৰ্থ বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত উদযাপন কৰিবলৈ লোৱা হৈছে। এই উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন, ১০ বজাত বন্তি প্ৰজ্বলন, পুৱা ১০:৩০ বজাত প্ৰয়াত দ্বিজেন
নৰ্থ বইটামাৰীঃ বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত নৰ্থ বইটামাৰী শাখা সাহিত্য সভাৰ সহযোগত ৬ এপ্ৰিল অৰ্থাৎ কাইলৈ বিশিষ্ট সাহিত্যিক-গোৱালপৰীয়া লোক সংস্কৃতিৰ গৱেষক প্ৰয়াত দ্বিজেন নাথৰ জন্ম দিৱস দিনজোৰা কাৰ্যসূচীৰে নৰ্থ বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত উদযাপন কৰিবলৈ লোৱা হৈছে। এই উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন, ১০ বজাত বন্তি প্ৰজ্বলন, পুৱা ১০:৩০ বজাত প্ৰয়াত দ্বিজেন নাথৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু দিনৰ ১১ বজাত স্মৃতিচাৰণ সভা অনুষ্ঠিত হ’ব। কাৰ্যসূচীত সকলোৰে উপস্থিতি তথা সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে নৰ্থ বইটামাৰী শাখা সাহিত্য সভাৰ সভাপতি ধনঞ্জয় গোস্বামী আৰু সম্পাদক ছত্ৰপতি নাথে।
Leave a Comment
Your email address will not be published. Required fields are marked with *