728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বনদস্যু, নৰপিশাচ বীৰাপ্পানে সংহাৰ কৰিব বিচাৰিছিল অসমক

বনদস্যু, নৰপিশাচ বীৰাপ্পানে সংহাৰ কৰিব বিচাৰিছিল অসমক

শেহতীয়াকৈ নিৰ্মিত হোৱা ডকুমেণ্টৰীত চাঞ্চল্যকৰ তথ্য নিউজ ডেস্কঃ ১২৪ত কৈ অধিক লোকক হত্যা কৰিছিল বীৰাপ্পানে। নৰপিশাচ বুলি অভিহিত কৰা হৈছিল বীৰাপ্পানক। ৫০ জনতকৈ অধিক পুলিচ অফিচাৰৰ হত্যাত জড়িত বীৰাপ্পান। চন্দন কাঠ আৰু হাতী দাঁতৰ কুখ্যাত চোৰাং বেপাৰী আছিল বীৰাপ্পান। বন ধ্বংস আৰু হাতী হত্যাত অভিযুক্ত আছিল বীৰাপ্পান। ১৯৫২ চনৰ ১৮ জানুৱাৰীত কৰ্ণাটকৰ গোপিনাথামত জন্মগ্ৰহণ কৰিছিল

শেহতীয়াকৈ নিৰ্মিত হোৱা ডকুমেণ্টৰীত চাঞ্চল্যকৰ তথ্য

নিউজ ডেস্কঃ ১২৪ত কৈ অধিক লোকক হত্যা কৰিছিল বীৰাপ্পানে। নৰপিশাচ বুলি অভিহিত কৰা হৈছিল বীৰাপ্পানক। ৫০ জনতকৈ অধিক পুলিচ অফিচাৰৰ হত্যাত জড়িত বীৰাপ্পান। চন্দন কাঠ আৰু হাতী দাঁতৰ কুখ্যাত চোৰাং বেপাৰী আছিল বীৰাপ্পান। বন ধ্বংস আৰু হাতী হত্যাত অভিযুক্ত আছিল বীৰাপ্পান। ১৯৫২ চনৰ ১৮ জানুৱাৰীত কৰ্ণাটকৰ গোপিনাথামত জন্মগ্ৰহণ কৰিছিল বনদস্যু বীৰাপ্পানে। কোজ মুনিছামী বীৰপ্পান তেওঁৰ প্ৰকৃত নাম। ৩৬ বছৰ ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল বীৰাপ্পানে। বিশিষ্ট ৰাজনীতিবিদ, অভিনেতাৰ অপহৰণত জড়িত আছিল বীৰাপ্পান। তেওঁৰ বিৰুদ্ধে আছিল তামিলনাডু, কৰ্ণাটক আৰু কেৰালা ৰাজ্যৰ বনাঞ্চলৰ মাজেৰে চন্দন কাঠ সৰবৰাহৰ অভিযোগ। বহুতে তেওঁক ভাৰতৰ ৰবিন হুড বুলিও আখ্যা দিছিল। ১৯৯০ চনত তেওঁ বিয়া কৰাইছিল মুথুলক্ষ্মীক। এই মুথীলক্ষ্মীয়ে প্ৰকাশ কৰিছে অসম সন্দৰ্ভত প্ৰকাশ কৰিছে কেতবোৰ বিস্ফোৰক তথ্য। অসমৰে কি লিংক আছিল বীৰাপ্পানৰ? অসমক লৈ কি পৰিকল্পনা কৰিছিল বনদস্যুজনে? সম্প্ৰতি পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য।

বীৰপ্পানে তেওঁৰ আত্মীয় চোৰাংচিকাৰ আৰু চন্দন কাঠৰ সৰবৰাহত সহায় কৰি অপৰাধ জগতত ভৰি দিছিল। ১৯৬৯ চনত বীৰপ্পানে অপৰাধৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু ১৯৭২ চনত প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ হয়। বীৰাপ্পান প্ৰথমে চন্দন আৰু হাতীদাঁতৰ সৰবৰাহকাৰী হিচাপে পৰিচিত হৈছিল আৰু পৰৱৰ্তী সময়ত হাতী হত্যা কৰিছিল। পিছত তেওঁৰ এই কাৰ্যৰ বিৰোধিতা কৰাসকলক হত্যা কৰিবলৈ আৰম্ভ কৰে। ১৭ বছৰ বয়সতে তেওঁ প্ৰথমে হত্যাৰ লক্ষ্য কৰি লৈছিল আৰক্ষী বিষয়া, বন বিষয়া আৰু আই টি কৰ্মীক। ১৯৮৭ চনত বীৰপ্পানে তামিলনাডুৰ পৰা চিদাম্বৰম নামৰ এজন সত্যমংগলম জিলাৰ বন বিষয়াক অপহৰণ কৰি হত্যা কৰিছিল। এই ঘটনাৰ পিছতে তেওঁ প্ৰথম ভাৰত চৰকাৰৰ দৃষ্টিত পৰে। ১৯৯১ চনৰ নৱেম্বৰ মাহত আই এফ এছৰ জ্যেষ্ঠ বিষয়া পাণ্ডিলাপল্লী শ্ৰীনিবাসৰ হত্যাকাণ্ড আৰু ১৯৯৯ চনৰ আগষ্ট মাহত আই পি এছৰ জ্যেষ্ঠ বিষয়া হৰিকৃষ্ণকে ধৰি আৰক্ষীৰ এটা দলৰ ওপৰত আক্ৰমণ কৰা ঘটনাৰ বাবে দেশজুৰি তেওঁৰ কুকীৰ্তি বিয়পি পৰে। বীৰপ্পানে সাধাৰণ নাগৰিককো হত্যা কৰাৰ পৰা বিৰত থকা নাছিল।
২০০০ চনৰ ৩০ জুলাইত তামিলনাডু-কৰ্ণাটক সীমান্তৰ সমীপৰ ইৰোড জিলাৰ সত্যমংগলম তালুকৰ ডোড্ডা গজনুৰ নামৰ এখন গাঁৱৰ পৰা বীৰাপ্পানে অভিনেতা ৰাজকুমাৰ আৰু আন তিনিজনক অপহৰণ কৰে। এই ঘটনাৰ পাছতে বাংগালুৰুৰ লগতে কৰ্ণাটকৰ অন্যান্য অঞ্চলতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজকুমাৰক ১০৮ দিনৰ পিছত অৱশেষত ২০০০ চনৰ নৱেম্বৰ মাহত কোনো ক্ষতি নোহোৱাকৈ মুকলি কৰি দিয়া হয়। পিছত এজন আৰক্ষী বিষয়াই তেওঁৰ মুক্তিৰ বাবে কৰ্ণাটক চৰকাৰে ২০ কোটি টকা দিয়া বুলি প্ৰকাশ কৰে।
২০০২ চনৰ ২৫ আগষ্টত বীৰাপ্পানে নগাপ্পাক অপহৰণ কৰে। ১৯৯৬-১৯৯৯ চনলৈ তেওঁ কৰ্ণাটকৰ কৃষি বিপণন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নগাপ্পাক উদ্ধাৰৰ বাবে কেৰালা কৰ্ণাটক তামিলনাডুৱে গঠন কৰে বিশেষ টাস্ক ফ’ৰ্চ। কিন্তু তেওঁলোক বিফল হয় আৰু তিনিমাহৰ পিছত কৰ্ণাটকৰ এখন অৰণ্যৰ পৰা নাগাপ্পাৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
নব্বৈৰ দশকত কেইবাবছৰ ধৰি বীৰপ্পানে আৰক্ষী বিষয়া আৰু অন্যান্য ব্যক্তিত্বক অপহৰণ কৰি মুক্তিপণৰ ধন দাবী কৰিছিল। মুক্তিপণ প্ৰায়ে অনানুষ্ঠানিকভাৱে দিয়া হৈছিল বুলি বিশ্বাস কৰা হয়।
২০০৪ চনৰ ১৮ অক্টোবৰত বীৰাপ্পান আৰু তেওঁৰ দুজন সহযোগীক তামিলনাডু বিশেষ টাস্ক ফ’ৰ্চে হত্যা কৰে।
তামিলনাডুৰ ধৰ্মপুৰী জিলাৰ পাপ্পাৰপট্টি গাঁৱৰ সমীপত বিশেষ অভিযান চলাই এই হত্যাকাণ্ড সংঘটিত কৰা হয়।
এই সমগ্ৰ অভিযানটোৰ নাম অপাৰেচন ক’ক’ন দিয়া হৈছিল।
শেহতীয়াকৈ বীৰাপ্পানৰ পত্নী মুথু লক্ষ্মীয়ে সদৰী কৰিছে এক ভয়ংকৰ তথ্য। নেটফ্লিক্সত বীৰাপ্পান সন্দৰ্ভত প্ৰস্তুত কৰা এখন তথ্যচিত্ৰত চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে মুথু লক্ষ্মীয়ে। অসমলৈ আহি অসমত থকাৰ পৰিকল্পনা কৰিছিল বীৰাপ্পানে। এই কথা বনদস্যুজনে পত্নীৰ আগত প্ৰকাশ কৰিছিল। অসমৰ কোনো এটা অঞ্চলত মাটি কিনি তাত বসতি কৰাৰ পৰিকল্পনা কৰিছিল বীৰাপ্পানে। এই বিস্ফোৰক তথ্য সদৰী কৰিছে বীৰাপ্পানৰ পত্নীয়ে। তামিলনাডু আৰু কৰ্ণাটকত সন্ত্ৰাস সৃষ্টি কৰাৰ পিছত অসমৰ বন ধ্বংসৰ পৰিকল্পনা কৰিছিল নেকি বীৰাপ্পানে? নেটফ্লিক্সৰ তথ্যচিত্ৰখনত বীৰাপ্পানৰ পত্নী মুথুলক্ষ্মীৰ ভাষ্যত পোহৰলৈ আহিছে এনে বহু তথ্য।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos